নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিঙিত ফুলৰ মালা লৈ বিকিনি পিন্ধি হৃষীকেশত গংগা স্নান…

ডিঙিত ফুলৰ মালা লৈ বিদেশী যুৱতী এগৰাকী হৃষীকেশত গংগাত স্নান কৰাৰ ভিডিঅ’ই সামাজিক মাধ্যমত অলোড়নৰ সৃষ্টি কৰিছে৷ ছ’চিয়েল মিডিয়াত তীব্র বিতর্কৰ সৃষ্টি কৰা ভিডিঅ’টোত বিদেশী যুৱতী এগৰাকীয়ে ডিঙিত ফুলৰ মালা লৈ হাতযোৰ কৰি প্রণামেৰে গংগাত নামে৷ ইয়াৰ পিছত গংগাত ফুলৰ মালাসহ ডুব মাৰে৷ এই ভিডিঅ’ প্রচাৰ হোৱাৰ পিছতে সামাজিক মাধ্যমত বিদেশী যুৱতীগৰাকীয়ে পৱিত্র গংগাত বিকিনি পিন্ধি স্নান কৰাটো ভাৰতীয় সংস্কৃতিৰ বিৰোধী বুলি কঠোৰ ভাষাৰে গৰিহণা জনোৱা হৈছে৷

একাংশই বিদেশী যুৱতীগৰাকীৰ কার্যক সমর্থন কৰিলেও একাংশই এই কার্যক কঠোৰ ভাষাৰে সমালোচনা কৰিছে৷ উল্লেখ্য যে হৃষীকেশত বহু বিদেশী পর্যটকে আহি পৱিত্র গংগাত স্নান কৰে৷ এইক্ষেত্রত তেওঁলোকে সাজ–পোছাকৰ ওপৰত বিশেষ গুৰুত্ব নিদি ধর্মীয় ৰীতি–নীতি মতে গংগাত স্নান কৰি অহিছে৷ ইয়াৰ পূর্বেও এনে ধৰণে বহু বিদেশী পর্যটকে গংগাত স্নান কৰিছিল যদিও বিদেশী যুৱতীগৰাকীয়ে তেওঁৰ গংগাত স্নান কৰা ভিডিঅ’ সামাজিক মাধ্যমত প্রচাৰ কৰাৰ পিছতেই বিতর্কৰ সৃষ্টি হৈছে৷ সামাজিক মাধ্যমত একাংশই দাবী কৰা মতে, যদি এনেধৰণে কোনো ভাৰতীয় মহিলাই গংগাত স্নান কৰিলেহেঁতেন তেন্তে মহিলাগৰাকীক গ্রেপ্তাৰ কৰা হ’লহেঁতেন৷ কিন্তু বিদেশী মহিলাগৰাকীক কিয় এৰি দিয়া হৈছে?

নিউজ ডেস্ক, ২৩ অক্টোবৰ :

You might also like