সুদীর্ঘ ৫০ বছৰৰ পাছত মণিপুৰৰ উখৰুলত থুইংগালেং মুইভা
এনএছচিএন–আইএমৰ লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্রাপ্ত), প্রধান লেফটেনেণ্ট জেনেৰেলক লৈ মুখ্য কার্যালয়ত মুইভা, জন্মভূমিৰ নিজ গাঁৱলৈ যাব ৯০ বছৰীয়া মুইভা
সুদীর্ঘ ৫০ বছৰৰ মূৰত জন্মভূমি উখৰুলত উপস্থিত হ’ল উত্তৰ–পূবৰ বিদ্রোহী সংগঠনৰ আটাইতকৈ বর্ষীয়ান নেতা থুইংগালেং মুইভা৷ নগাৰ সার্বভৌমত্বৰ দাবীৰে দীর্ঘদশক ধৰি সশস্ত্র সংগ্রাম অব্যাহত ৰখাৰ পাছত যুদ্ধবিৰতি চুক্তিৰে আলোচনাৰ মেজলৈ অহা এনএছচিএন–আইএমৰ মুৰব্বী হিচাপে পৰিচিত থুইংগালেং মুইভাৰ এই আগমনত উছৱমুখৰ পৰিৱেশ সৃষ্টি হ’ল উখৰুল আৰু সোমদলত৷
উল্লেখ্য যে ২০২৩ চনৰ মে’ মাহৰ পৰা গোষ্ঠীগত সংঘর্ষত জুৰুলা হৈ পৰা মণিপুৰৰ উখৰুলত মুইভাৰ এই আগমন বিশেষ উল্লেখযোগ্য ঘটনা হিচাপে পৰিগণিত হৈছে৷ শতবর্ষ গৰকিবলৈ কিছু বছৰ বাকী থকা মুইভাই এই ভ্রমণকালতে নিজৰ জন্মগাঁও সোমদলত কটাব এসপ্তাহ৷ ডিমাপুৰৰ পৰা আজি হেলিকপ্ঢাৰেৰে আহি উখৰুলত উপস্থিত হোৱা থুইংগালেং মুইভাক উষ্ম আদৰণি জনোৱা হয়৷
প্রায় ৫০ বছৰৰ পিছত প্রিয় নেতাগৰাকীক চাবলৈ আজি উখৰুলৰ টাংখুল লংগ্রাউণ্ড জনাকীর্ণ হৈ পৰে৷ ৰাজকীয়ভাৱে আদৰণি জনোৱা মুইভাৰ এই আগমনক নেতাৰ প্রত্যাৱর্তন বুলিয়েই ব্যাখ্যা কৰিছে স্থানীয় বাসিন্দাসকলে৷ সম্পূর্ণ পৰম্পৰাগতভাৱে আদৰণি জনোৱা মুইভাক শিৰত পিন্ধাই দিয়া হ’ল ৰাজকীয় মুকুট৷
৯০ বছৰ গৰকা মুইভাৰ শৰীৰ এতিয়া থৰক–বৰক৷ নগা সশস্ত্র সংগ্রামী ফিজো, শ্বু, খাপলাঙৰ পাছত জীৱিত অৱস্থাত থকা থুইংগালেং মুইভাই হৈছে উত্তৰ–পূর্বাঞ্চলৰ বিদ্রোহী সংগঠনসমূহৰ ভিতৰত আটাইতকৈ বর্ষীয়ান নেতা৷ এনএছচিএন–আইএম গোটক নেতৃত্ব দি অহা মুইভা হ’ল সংগঠনটোৰ সাধাৰণ সম্পাদক তথা এনএছচিএন (আইএম)ৰ প্রস্তাৱিত নাগালিমৰ তেৱেঁই হ’ল প্রধানমন্ত্রী৷
জন্মসূত্রে নাগালেণ্ডৰ নগা নহয় যদিও মণিপুৰৰ উখৰুল জিলাৰ সোমদলত ১৯৩৪ চনৰ ১৩ মার্চত জন্মলাভ কৰা মুইভা এজন টাংখুল নগা৷
লক্ষণীয়ভাৱে নাগালেণ্ডৰ ১৪টা স্বীকৃতজনজাতিৰ তালিকাত নাই এই টাংখুল নগা৷ তথাপি স্বাধীন–সার্বভৌম নাগালিমৰ দাবীৰে সশস্ত্র সংগ্রামেৰে ওৰেজীৱন পাৰ কৰিলে মুইভাই৷ যাৰ বাবে এতিয়াও মুইভা এনএছচিএন–আইএমৰ অবিসম্বাদী নেতা৷ ১৯৯৭ চনত যুদ্ধবিৰতি ঘোষণা কৰাৰ পাছত ২০১৫ চনত এনএছচিএন–আইএমে স্বাক্ষৰিত কৰে নগা ফ্রেমৰ এগ্রিমেণ্ট৷ সেই শান্তি চুক্তিক লৈয়েই ইখনৰ পাছত সিখন আলোচনাত অংশগ্রহণ কৰি আহিছে মুইভাই৷
সশস্ত্র সংগ্রামৰ এই কার্যসূচীত ব্যস্ত থকা মুইভাই বিগত ৫০ বছৰেই অহা নাছিল নিজৰ ওপজা ভূমি সোমদললৈ৷ সেই অপেক্ষাৰ অন্ত পেলাই আজি এনএছচিএন–আইএমৰ লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্রাপ্ত) সামূহিক নেতৃত্বৰ সদস্য আটেম ডিচি আৰু সেনাপ্রধান লেফটেনেণ্ট জেনেৰেল এণ্টনী নিং খান শিমৰেসহ এনএছচিএনৰ মুখ্য কার্যালয়ত উপস্থিত হ’ল মুইভা৷ পত্নীৰ সৈতে উপস্থিত হোৱা মুইভাক হাজাৰ হাজাৰ জনতাই বিশাল সমদলেৰে আদৰি আনে মুইভাক৷
বীৰৰ দৰে মুইভাক আদৰি অনাৰ লগতে টাংখুল নগাসকলৰ প্রাচীন বীৰসকলৰ পোছাক পিন্ধাই ৰাজকীয়ভাৱে আদৰণি জনায়৷ লক্ষণীয়ভাৱে মুইভাৰ শাৰীৰিক অৱস্থাৰ প্রতি লক্ষ্য ৰাখি এটা চিকিৎসকৰ দলকো সাজু কৰি ৰখা হৈছিল৷ কার্যতঃ মুইভাৰ এই আগমনে এক ঐতিহাসিক দিনৰ সাক্ষী হ’ল উখৰুল জিলা৷ অহা এসপ্তাহ নিজৰ জন্মভূমি গাঁও সোমদলত কটোৱাৰ লগতে কেইবাখনো ৰাজহুৱা সভাত মুইভাই অংশ ল’ব বুলি জানিব পৰা গৈছে৷
নিয়মীয়া বাৰ্তা ডেস্ক, ২৩ অক্টোবৰ