নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ দ্রুততম বুলেট ট্রেইনৰ পৰীক্ষণ : ঘণ্টাত ৪৫৩ কি:মি: গতিবেগ

পৰীক্ষণৰ কালছোৱাতে চীনৰ বুলেট ট্রেইনখনে প্রতিঘণ্টাত যি গতিবেগত চলিলে সিয়ে চীনৰ বুলেট ট্রেইন প্রযুক্তিক অনন্য মাত্রা প্রদান কৰিলে

বিশ্বৰ দ্রুততম বুলেট ট্রেইনৰ সফল পৰীক্ষণ চলাই অভিলেখ গঢ়িলে চীনে৷ আশ্চর্যজনকভাৱে চীনৰ বুলেট ট্রেইন চিআৰ ৪৫০য়ে প্রতিঘণ্টাত ৪৫৩ কিলোমিটাৰ গতিবেগেৰে অভিলেখ গঢ়ে৷

ছাংহাই আৰু ছেংডুৰ মাজত দ্রুতগতিৰ ৰে’লপথত চিআৰ ৪৫০ বুলেট ট্রেইনৰ পৰীক্ষণ চলোৱা হয়৷ বিশ্বৰ দ্রুততম বুলেট ট্রেইন হিচাপে পৰিগণিত হ’বলৈ যোৱা চিআৰ ৪৫০য়ে পৰীক্ষণৰ সময়তে প্রতিঘণ্টাত অতিক্রম কৰে ৪৫৩ কিলোমিটাৰ৷

পৰীক্ষণৰ কালছোৱাতে চীনৰ বুলেট ট্রেইনখনে প্রতিঘণ্টাত যি গতিবেগত চলিলে সিয়ে চীনৰ বুলেট ট্রেইন প্রযুক্তিক অনন্য মাত্রা প্রদান কৰিলে৷

তথ্য মতে, সম্প্রতি চীনত প্রতিঘণ্টাত ৪০০ কিলোমিটাৰ গতিৰে চলাচল কৰি আছে চিআৰ ৪০০৷ এই বুলেট ট্রেইনতকৈ ৫০ কিলোমিটাৰ গতিবেগ বৃদ্ধি কৰি বাণিজ্যিকভাৱে চীনে প্রতিঘণ্টাত ৪৫০ কিলোমিটাৰ গতিবেগৰ বুলেট ট্রেইন চিআৰ ৪৫০ শীঘ্রেই প্রচলন কৰিব৷

এই বুলেট ট্রেইনখনো বিশেষ ডিজাইনেৰে নির্মাণ কৰা হৈছে৷ বায়ুৰ মাজেৰে দ্রুতগতিৰে পাৰ হৈ যাবলৈ পূর্বতকৈ ৰে’লখনৰ সন্মুখভাগটো জোঙা কৰা হৈছে৷

লক্ষণীয় যে চিআৰ ৪৫০য়ে ০ৰ পৰা ৩৫০ কিলোমিটাৰ প্রতিঘণ্টাত গতিবেগ লাভ কৰিবলৈ প্রতি ৪ মিনিট ৪ ছেকেণ্ডত গতি ক্ষিপ্রতৰ কৰি তুলিব৷ এই গতি হৈছে পূর্বৰ চিআৰ ৪০০তকৈ ১০০ ছেকেণ্ড দ্রুততম৷

স্মর্তব্য যে চীনে এই নতুন বুলেট ট্রেইনেৰে বিশ্বত নতুন মান প্রতিষ্ঠা কৰিবলৈ সক্ষম হ’ব৷

নিয়মীয়া বাৰ্তা ডেস্ক, ২৩ অক্টোবৰ

You might also like