নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদেশলৈ চেনি ৰপ্তানিত ভাৰত চৰকাৰৰ নিষেধাজ্ঞা

ডিজিটেল ডেস্ক, ১৪ মে’ : মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ ইতিমধ্যে ঘৰুৱা ৰন্ধনশালাতো অনুভৱ হ’বলৈ আৰম্ভ কৰিছে। ইন্ধনৰ সংকটৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মিতব্যয়ী হোৱাৰ বাবে আহ্বান জনাইছে । এই পৰিস্থিতিত খাদ্য সামগ্ৰী আৰু অন্যান্য ঘৰুৱা সামগ্ৰীৰ ক্ষেত্ৰতো যাতে সংকট সৃষ্টি নহয়, সেয়া নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। ছেপ্টেম্বৰ মাহলৈকে চেনি ৰপ্তানিৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে। ইয়াৰ ফলত বিশ্ব বজাৰত চেনিৰ দাম বৃদ্ধি পাব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।

বিশ্বৰ চেনিৰ চাহিদাৰ এটা ডাঙৰ অংশ ভাৰতে পূৰণ কৰে। ২০১৭-১৮ চনত বিশ্বৰ মুঠ চেনি ৰপ্তানিৰ ৩.৪ শতাংশ ভাৰতৰ দখলত আছিল। ২০২১-২২ চনত সেয়া বৃদ্ধি পাই ১১ শতাংশলৈ যায়। পিছত এই পৰিমাণ আৰু বৃদ্ধি পাইছিল। কিন্তু যুদ্ধৰ পৰিস্থিতি আৰু বতৰৰ অস্বাভাৱিক আচৰণৰ ফলত চলিত ঋতুত দেশত চেনি উৎপাদন হ্ৰাস হোৱাৰ আশংকাৰ বাবেই এইবাৰ চেনি ৰপ্তানিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

ইতিমধ্যে চেনি ৰপ্তানি নিয়ন্ত্ৰণৰ ভিতৰত আছিল। এই বছৰত মিলসমূহক মুঠ ১.৫৯ টন চেনি ৰপ্তানিৰ অনুমতি দিয়া হৈছিল। কিন্তু এতিয়াৰ পৰা আৰু চেনি ৰপ্তানি কৰিব নোৱাৰিব। এই নিষেধাজ্ঞা ৩০ ছেপ্টেম্বৰলৈকে বলৱৎ থাকিব। তাৰ পিছত পৰিস্থিতি বিবেচনা কৰি পৰৱৰ্তী সিদ্ধান্ত লোৱা হ’ব।

You might also like