নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্দিয়াৰ নৱনিৰ্বাচিত বিধায়ক শ্বেৰমান আলী আহমেদক উষ্ম আদৰণি

বৰপেটা জিলাৰ মন্দিয়া সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক শ্বেৰমান আলী আহমেদক সমষ্টিবাসীৰ সম্ভাষণ। সমষ্টিটোৰ চুকে কোণে বিধায়ক শ্বেৰমান আলী আহমেদক এই অভিনন্দন ৰাইজৰ। সমষ্টিটোৰ ৰাস্তা-ঘাট, বজাৰ সমাৰ সকলোতে বিধায়ক গৰাকীয়ে বাহনৰ পৰা নামি ৰাইজৰ ওচৰলৈ গৈ বিচাৰিছে দোৱা আৰু আশীৰ্বাদ।

অনাগত পাঁচ বছৰত সমষ্টিত মূলতঃ ৰাস্তা-ঘাট আৰু গঢ়াখহনীয়াৰ সমস্যা সমাধান কৰাৰ প্ৰধান লক্ষ্য বাচি লৈছে বিধায়কগৰাকীয়ে। সমান্তৰালকৈ মাটিৰ পট্টা আৰু ভূমিহীনক ভূমি প্ৰদান কৰাৰো আপ্ৰাণ চেষ্টা চলাব বুলিও সমষ্টিবাসীক আশ্বাস দিয়ে নৱনিৰ্বাচিত বিধায়কগৰাকীয়ে।

সমষ্টিটোৰ মন্দিয়া, কপোহা, তেতলীৰতল, মেধিৰটাৰী, চিতুলী, লুৰফুৰীয়া আদি কৰি সমষ্টিটোৰ বিভিন্ন ঠাইত সভা অনুষ্ঠিত কৰি ৰাইজৰ লগত মত বিনিময় কৰে বিধায়ক শ্বেৰমান আলী আহমেদে।

সভাত নৱনিৰ্বাচিত বিধায়ক শ্বেৰমান আলী আহমেদে সমষ্টিটোৰ ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষিত কৰিবলৈ অভিভাৱকক আহ্বান জনায়। ইফালে অনুষ্ঠিত সভা বোৰত ৰাইজে গামোছা,মানপত্ৰ, শৰাই আদিৰে নৱনিৰ্বাচিত বিধায়ক গৰাকীক অভিন্দন জ্ঞাপন কৰা পৰিলক্ষিত হয়।

নিয়মীয়া বাৰ্তা, বাঘবৰ, ১৩ মে’

You might also like