বাংলাদেশৰ ৰাজনীতিত এটা যুগৰ অন্ত : খালেদা জিয়াৰ পৰলোকগমন
১৯৯১ চনৰ প্ৰথম গণতান্ত্ৰিক নিৰ্বাচনত জয়লাভ কৰি তেওঁ বাংলাদেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে। খালেদা জিয়াৰ দেহাৱসানক বাংলাদেশৰ ৰাজনীতিত এক যুগৰ অন্ত হিচাপে গণ্য কৰা হৈছে।
বাংলাদেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ দীৰ্ঘদিনীয়া ৰোগৰ পিছত দেহাৱসান ঘটিছে। মঙলবাৰে বাংলাদেশ নেচনেলিষ্ট পাৰ্টী (বিএনপি)-এ এই খবৰ নিশ্চিত কৰে। ৮০ বছৰীয়া খালেদা জিয়া লিভাৰ চিৰ’ছিছ ৰোগত আক্ৰান্ত আছিল। চিকিৎসকসকলৰ মতে, তেওঁ আৰ্থ্ৰাইটিছ আৰু ডায়েবেটিছতো ভুগি আছিল। ইয়াৰ উপৰি তেওঁ হৃদৰোগতো আক্ৰান্ত আছিল।
খালেদা জিয়া দুবাৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী আছিল। তেওঁ প্ৰথমবাৰৰ বাবে ১৯৯১ৰ পৰা ১৯৯৬ চনলৈ আৰু দ্বিতীয়বাৰৰ বাবে ২০০১ৰ পৰা ২০০৬ চনলৈ দেশখনৰ নেতৃত্ব দিয়ে। তেওঁ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠাপক জিয়াউৰ ৰহমানৰ পত্নী আছিল। তেওঁৰ ডাঙৰ পুত্ৰ আৰু বিএনপিৰ কাৰ্যনিৰ্বাহী অধ্যক্ষ তাৰেক ৰহমান ২০০৮ চনৰ পৰা লণ্ডনত বাস কৰি আছিল আৰু এই মাহতেই বাংলাদেশলৈ উভতি আহিছিল। আনহাতে, তেওঁৰ সৰু পুত্ৰ আৰাফাত ৰহমানৰ ২০১৫ চনত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল।
ৰাজনৈতিক অস্থিৰতাৰ মাজতে ২০২৪ চনৰ ৬ আগষ্টত খালেদা জিয়াক কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছিল। ইয়াৰ পিছত উন্নত চিকিৎসাৰ বাবে তেওঁ লণ্ডনলৈ গৈছিল আৰু তাত চাৰি মাহ থাকি ৬ মে’ তাৰিখে বাংলাদেশলৈ ঘূৰি আহিছিল।
দশকজুৰি বাংলাদেশৰ ৰাজনীতি দুজন নেত্ৰীৰ চাৰিওফালে ঘূৰি আছিল— আৱামী লীগৰ নেত্ৰী শ্বেখ হাছিনা আৰু বিএনপিৰ নেত্ৰী খালেদা জিয়া। এই ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাক সংবাদ মাধ্যমে ‘বেটেল অৱ বেগম’ বুলি অভিহিত কৰিছিল। ১৯৯০ৰ পিছত অনুষ্ঠিত হোৱা প্ৰায় সকলো নিৰ্বাচনত ক্ষমতা হয় শ্বেখ হাছিনাৰ হাতত আছিল, নহ’লে খালেদা জিয়াৰ হাতত আছিল।
১৯৮০ৰ দশকত সামৰিক শাসনৰ বিৰুদ্ধে দুয়োগৰাকী নেত্ৰীয়ে একেলগে আন্দোলন কৰিছিল। কিন্তু ১৯৯১ চনত গণতন্ত্ৰ পুনঃপ্ৰতিষ্ঠা আৰু খালিদা জিয়াৰ প্ৰধানমন্ত্ৰী পদ লাভৰ পিছতে দুয়োৰ মাজত ৰাজনৈতিক সংঘাত অধিক গভীৰ হৈ উঠে।
খালেদা জিয়াৰ জন্ম ১৯৪৫ চনত হৈছিল। আৰম্ভণিতে তেওঁৰ পৰিয়ালৰ কোনো ৰাজনৈতিক পৃষ্ঠভূমি নাছিল। ১৯৬০ চনত তেওঁ সেনা বিষয়া জিয়াউৰ ৰহমানৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ১৯৭১ চনত বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত জিয়াউৰ ৰহমানে ৰেডিঅ’ত স্বাধীন বাংলাদেশৰ ঘোষণা পাঠ কৰিছিল। ১৯৭৫ চনত শ্বেখ মুজিবুৰ ৰহমানৰ হত্যাৰ পিছত দেশখনত ৰাজনৈতিক অস্থিৰতা বৃদ্ধি পায় আৰু ১৯৭৭ চনত জিয়াউৰ ৰহমান ৰাষ্ট্ৰপতি হয়। তেৱেঁই বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠা কৰে। ১৯৮১ চনৰ ৩০ মে’ত চিটাগঙত এক সামৰিক বিদ্ৰোহৰ সময়ত জিয়াউৰ ৰহমানক হত্যা কৰা হয়।
স্বামীৰ হত্যাৰ পিছত বিএনপি দুৰ্বল হৈ পৰে। তাৰ পিছত দলীয় নেতাসকলৰ অনুৰোধত ১৯৮৪ চনত খালেদা জিয়াই দলৰ নেতৃত্ব গ্ৰহণ কৰে। ১৯৯১ চনৰ প্ৰথম গণতান্ত্ৰিক নিৰ্বাচনত জয়লাভ কৰি তেওঁ বাংলাদেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে। খালেদা জিয়াৰ দেহাৱসানক বাংলাদেশৰ ৰাজনীতিত এক যুগৰ অন্ত হিচাপে গণ্য কৰা হৈছে।
ডিজিটেল ডেস্ক, ৩০ ডিচেম্বৰ