গাজাত আক্রমণ অব্যাহত ইজৰাইলী সেনাৰ : বোমাত নিহত হামাছৰ মুখপাত্র, শীর্ষ কমাণ্ডাৰ আবু ওবাইদা
নিউজ ডেস্ক, ২ ছেপ্টেম্বৰ : গাজাৰ পৰা সন্ত্রাসবাদী সংগঠন হামাছক নিশ্চিহ্ণ কৰাৰ লক্ষ্যৰে ইজৰাইলে আক্রমণ অব্যাহত ৰাখিছে৷
ইজৰাইলৰ প্রতিৰক্ষা মন্ত্রীয়ে প্রকাশ কৰা মতে, নিশা ইজৰাইলী সেনাই আকাশমার্গেৰে চলোৱা আক্রমণত হামাছৰ মুখপাত্র তথা শীর্ষ কমাণ্ডাৰ আবু ওবাইদাৰ মৃত্যু ঘটিছে৷ প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে, বিগত শুকুৰবাৰৰ পৰাই হামাছৰ শীর্ষ কমাণ্ডাৰ আবুৰ গতিবিধি লক্ষ্য কৰি ৰাখি আকাশমার্গেৰে বোমাৰে আক্রমণ চলোৱা হয়৷ এই আক্রমণতে আবু ওবাইদাসহ হামাছৰ কেইবাজনো দুর্ধর্ষ সদস্য নিহত হৈছে৷
উল্লেখ্য যে বিশ্বজুৰি ত্রাসৰ সৃষ্টি কৰা ৭ অক্টোবৰৰ ইজৰাইলৰ ওপৰত হামাছে চলোৱা ভয়াৱহ আক্রমণৰ অন্যতম মাষ্টাৰমাইণ্ড আছিল আবু ওবাইদা৷ অৱশ্যে এতিয়ালৈকে হামাছে আনুষ্ঠানিকভাৱে আবু ওবাইদাৰ মৃত্যু ঘোষণা কৰা নাই৷