নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইৰানৰে যুদ্ধত কিমান খৰচ কৰিলে আমেৰিকাই ? হিচাপ দিলে পেণ্টাগনে

ডিজিটেল ডেস্ক, ১৪ মে’ : ইৰানৰ বিৰুদ্ধে চলি থকা যুদ্ধত এই পর্যন্ত ২,৯০০ কোটি ডলাৰ (ভাৰতীয় মুদ্রাৰ হিচাপত প্রায় ২ লাখ ৭৮ হাজাৰ কোটি টকা) ব্যয় হৈছে আমেৰিকাৰ৷

মঙলবাৰে মার্কিন কংগ্রেছত দাখিল কৰা এখন প্রতিবেদনত এই কথা জনায় পেণ্টাগনে৷ আনুমানিক ব্যয়ৰ তুলনাত প্রকৃত ব্যয় ৪০০ কোটি টকা বেছি বুলিও কয় প্রতিবেদনখনত৷ মার্কিন কংগ্রেছত দিয়া বক্তৃতাত পেণ্টাগনৰ ভাৰপ্রাপ্ত কন্ট্ৰ’লাৰ জুলছ হার্ষ্টে কয়– ‘ইৰানৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলৰ যুটীয়া সামৰিক অভিযানত এই পর্যন্ত ২৯ বিলিয়ন ডলাৰ খৰচ হৈছে৷ এই ব্যয়ৰ ভিতৰত সামৰিক সৰঞ্জাম মেৰামতি তথা প্রতিষ্ঠাপনৰ লগতে বিভিন্ন সামৰিক অভিযান পৰিচালনাৰ ব্যয় অন্তর্ভুক্ত হৈছে৷’

ইৰান যুদ্ধৰ আর্থিক ব্যয় আৰু দীর্ঘম্যাদী প্রভাৱক লৈ ট্রাম্প চৰকাৰখন দেশৰ অভ্যন্তৰত সমালোচনাৰ সন্মুখীন হৈছে৷ এই পৰিস্থিতিত পেণ্টাগনে জনায় যে যুদ্ধ দীঘলীয়া হ’লে অর্থনৈতিক চাপ আৰু বৃদ্ধি পাব পাৰে৷

You might also like