নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ কন্দলিত বনৰীয়া হাতীৰ আক্ৰমণত মহিলাৰ কৰুণ মৃত্যু

ডিজিটেল ডেস্ক, নগাঁও, ১৪ মে’ : নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাত অব্যাহত আছে। আজি কিছুদিন ধৰি বনৰীয়া হাতীয়ে চামগুৰিৰ ভৰাগুৰি, চামগুৰি বৌ বজাৰ, পাঘালি, বৰমা, মোৱামাৰী, কন্দলি, কচুৱা আদি অঞ্চলত তাণ্ডৱ সৃষ্টি কৰি আহিছে। বনৰীয়া হাতীয়ে বৰোধানৰ খেতি নষ্ট কৰাত কৃষকসকল বিমোৰত পৰিছে। এনে পৰিস্থিতিৰ মাজতে আজি পুৱতি নিশা নগাঁও জিলাৰ কঠীয়াতলী বনাঞ্চলৰ কন্দলিত হাতী-মানুহৰ সংঘাতে চূড়ান্ত ৰূপ পায়।

বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলাৰ কৰুণ মৃত্যু হয়। কন্দলি কুঁহিয়াৰতলী ফাইৰিং ফিল্ডৰ সমীপত এটা বাসগৃহত বনৰীয়া হাতীয়ে তাণ্ডৱ চলায়। বনৰীয়া হাতীয়ে বাসগৃহটো ভাঙি লণ্ডভণ্ড কৰাৰ লগতে বাসগৃহটোৰ মহিলাগৰাকীক আক্ৰমণ কৰাৰ লগতে মহিলাগৰাকীক বাহিৰলৈ উলিয়াই আনি থেকেচি নৃশংসভাৱে হত্যা কৰে। নিহত মহিলাগৰাকী হ’ল ৰূপালী ৰংপি। অৱশ্যে কথমপি ৰক্ষা পৰে মহিলাগৰাকীৰ ১০ বছৰীয়া সন্তান আৰু স্বামী।

বনৰীয়া হাতীৰ আক্ৰমণত মহিলাগৰাকী নিহত হোৱাত অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি কৰাৰ লগতে  শোকৰ ছাঁ পৰিছে। স্থানীয় ৰাইজে বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে অঞ্চলটোৰ পৰা বনৰীয়া হাতীৰ জাক খেদি পঠাবলৈ বহুবাৰ আহ্বান জনোৱা হৈছিল যদিও বন বিভাগে গুৰুত্ব নিদিয়াৰ বাবে এই কৰুণ ঘটনা সংঘটিত হ’ল। পিছত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে পৰিস্থিতি নিৰীক্ষণ কৰে। মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি অঞ্চলটোত বনৰীয়া হাতীৰ জাকে সন্ত্ৰাস চলাই আহিছে।

You might also like