IPL-2026 : প্লেঅফৰ লক্ষ্যৰে মুম্বাইৰ বিৰুদ্ধে আজি খেলপথাৰত নামিব পঞ্জাব
মুম্বাই ইণ্ডিয়ানছে আজি নিজৰ সন্মান ৰক্ষাৰ বাবে খেলপথাৰত নামিব
আজি আইপিএলৰ ৫৮সংখ্যক মেচত পঞ্জাব কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ ধৰ্মশালাত মুখামুখি হ’ব। মুম্বাই ইতিমধ্যে প্লে’অফৰ দৌৰৰ পৰা বাহিৰ হৈছে। আনহাতে পঞ্জাবৰ বাবে এই মেচখন প্লে’অফৰ দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ।
যদি শ্ৰেয়াছ আয়াৰ অধিনায়কত্বত থকা পঞ্জাব কিংছে আজিৰ মেচত পৰাজয় স্বীকাৰ কৰে, তেন্তে দলটো প্লে’অফৰ দৌৰৰ পৰা বাহিৰ হ’ব নেকি? আহক জানো পঞ্জাবৰ প্লে’অফৰ সমীকৰণ।
Also Read — বিদেশলৈ চেনি ৰপ্তানিত ভাৰত চৰকাৰৰ নিষেধাজ্ঞা
উল্লেখ্য যে পঞ্জাবে এই ছিজনত নিজৰ ১২সংখ্যক মেচ খেলিবলৈ মুম্বাইৰ বিৰুদ্ধে নামিব। এতিয়ালৈকে ১১খন মেচ খেলি দলটোৱে ৬খনত জয় লাভ কৰাৰ বিপৰীতে ৪খনত পৰাজিত হৈছে। আন এখন মেচ বৰষুণৰ বাবে বাতিল হৈছিল। এই প্ৰদৰ্শনৰ সৈতে দলটোৰ হাতত আছে ১৩ পইণ্ট আৰু +০.৪২৮ নেট ৰান ৰেট। বৰ্তমান পইণ্ট তালিকাত দলটো চতুৰ্থ স্থানত আছে।
যদি আজি মুম্বাইৰ বিৰুদ্ধে পঞ্জাবে পৰাজয় বৰণ কৰে, তেন্তে ১২খন মেচৰ পিছত দলটোৰ পইণ্ট ১৩-তেই থাকিব। এনে পৰিস্থিতিত প্লে’অফত স্থান নিশ্চিত কৰিবলৈ বাকী থকা দুয়োখন মেচ জিকি ১৭ পইণ্টলৈ যাব লাগিব। বৰ্তমান আৰচিবি আৰু গুজৰাটে ইতিমধ্যে ১৬-১৬ পইণ্ট সংগ্ৰহ কৰিছে। দুয়োটা দলে ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থানত আছে।
আনহাতে, যদি আজি মুম্বাইৰ বিৰুদ্ধে পঞ্জাবে জয় লাভ কৰে, তেন্তে প্লে’অফত প্ৰৱেশ কৰাটো বহুত সহজ হৈ পৰিব। জয়ৰ সৈতে পঞ্জাবৰ পইণ্ট ১৫ হ’ব আৰু দলটো তৃতীয় স্থানলৈ উঠিব।
যদি বৰষুণৰ বাবে মেচখন বাতিল হয়, তেন্তে পঞ্জাব লাভৱান হ’ব। এনে ক্ষেত্ৰত দুয়োটা দলক ১-১ পইণ্টকৈ দিয়া হ’ব। ফলত ১২খন মেচৰ পিছত পঞ্জাবৰ পইণ্ট হ’ব ১৪। তাৰ পিছত বাকী থকা দুয়োখন মেচ জিকিলে ১৮ পইণ্টেৰে প্লে’অফত নিশ্চিতভাৱে স্থান লাভ কৰিব পাৰিব।
আনহাতে, মুম্বাই ইণ্ডিয়ানছে আজি নিজৰ সন্মান ৰক্ষাৰ বাবে খেলপথাৰত নামিব।
ডিজিটেল ডেস্ক, ১৪ মে’