ৰাজ্যৰ সন্দেহযুক্ত নাগৰিকলৈ পুনৰ সতর্কবাণী মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ ৰাজ্যত বিজেপি চৰকাৰ থকালৈকে কোনো সন্দেহযুক্ত মিঞা লোকে শান্তিত থাকিব নোৱাৰে বুলি স্পষ্ট কৰিলে মুখ্যমন্ত্রীয়ে৷
শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত এক চৰকাৰী অনুষ্ঠানত অংশগ্রহণৰ পাছতে সাংবাদিকৰ সৈতে হোৱা মুখামুখিত মুখ্যমন্ত্রী ড০ শর্মাই কয়– মই মুখ্যমন্ত্রী হৈ থকালৈকে অসমত মিঞা শান্তিত থাকিব নোৱাৰে৷ এয়া পাক্কা কথা৷ যিসকল মিঞা সন্দেহযুক্ত নাগৰিক, তেওঁলোকক কষ্ট দিয়াই মোৰ কাম৷ গতিকে কষ্ট পাই থাকিব, দুখ প্রকাশ কৰিও কোনো লাভ নাই৷
গোৱালপাৰাত হৈ যোৱা উচ্ছেদ অভিযানৰ পাছত দুই–এদিনতে নগাঁৱত উচ্ছেদ অভিযান চলিব৷ বিজেপি আৰু মোৰ বিৰুদ্ধে যিমানেই মন্তব্য প্রকাশ কৰিব, সিমানেই বেছি উচ্ছেদ চলিব৷ আমাৰ বিৰুদ্ধে নকৈ শান্তিত থকাটো বেলেগ কথা৷ এটা কথা স্পষ্ট– সন্দেহযুক্ত মিঞাৰ অসমত কোনো শান্তি নাই মই মুখ্যমন্ত্রী থকালৈকে৷
মোৰ ঘৰত আহিলেও শান্তি নাই, জুবিনৰ সমাধিত গ’লেও শান্তি নাই, গৌৰৱ গগৈৰ মিটিঙত গ’লেও শান্তি নাই, ৰকিবুল হুছেইনৰ মিটিঙত গ’লেও শান্তি নাই৷ অর্থাৎ মিঞাৰ শান্তি নহ’ব৷ মিঞাই শান্তি পোৱা এটাই ৰাস্তা হ’ল– মোক মুখ্যমন্ত্রী ভাঙিব লাগিব৷
ইফালে অসমৰ অৰুণোদয় আঁচনি এতিয়া দেশৰ বিভিন্ন ৰাজ্যত ৰূপায়ণ হৈ থকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়– অসমৰ আঁচনি বিহাৰত ৰূপায়ণ কৰাত বিহাৰৰ মহিলাসকল যথেষ্ট লাভান্বিত হৈছে৷
অসমৰ অৰুণোদয় এতিয়া ছত্তিশগড়, কর্ণাটক, পশ্চিমবংগ, মহাৰাষ্ট্র আৰু মধ্যপ্রদেশত চলি আছে৷ অসমৰ এই আঁচনিখনৰ বিষয়ে উক্ত ৰাজ্যসমূহলৈ গৈ সবিশেষ আমিয়ে দাঙি ধৰিছিলোঁ৷ অসমত আত্মসহায়ক গোটক সহায় কৰা মডেল এতিয়া বিহাৰলৈ গৈছে৷
মই নিশ্চিত যে এই আঁচনি আন ৰাজ্যসমূহলৈও যাব৷ উত্তৰ–পূবত প্রথমেই সূর্য উদয় হয়, গতিকে চৰকাৰী আঁচনিসমূহৰ কল্পনাও অসমৰ পৰাই আৰম্ভ হৈছে৷ তদুপৰি নতুন তিনিখন ফৌজদাৰী আইন কার্যকৰী কৰাৰ ক্ষেত্রতো অসম প্রথম হৈছে দেশৰ ভিতৰত৷
ডিজিটেল ডেস্ক, ২১ নৱেম্বৰ