নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাস্ক নহ’লে প্রৱেশ নিষেধ মার্কেটতঃ চেনিটেৰী নেপকিন মাস্ক হিচাপে ব্যৱহাৰ কৰিলে মহিলাই

নিয়মীয়া বাৰ্তা ১২ অক্টোবৰঃ সমগ্ৰ বিশ্বই এতিয়া ক’ৰোনাৰ কৱলত। স্বাস্থ্যবিভাগৰ ফালৰ পৰা মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিছে। যাৰ বাবে বহু লোকে বহু সময়ত মাস্ক নিপিন্ধাৰ বাবেই জৰিমনাৰো সন্মুখিন হ’বলগীয়া হৈছে।

ক’ৰোনাক পৰাভূত কৰিবলৈ মাস্কৰ বাদে মানুহৰ ওচৰত আন কোনো বিকল্প নাই। যাৰ বাবে মাস্ক পিন্ধাটো অতি জৰুৰী। কিন্তু এই জৰুৰী কামটো মনত ৰাখিবলৈ পাহৰি যায় বহু লোকে। যাৰ বাবে ৰুমালখনকে কেতিয়াবা মাস্কৰ দৰে ব্যৱহাৰ কৰা দেখা যায় বহু লোককে।

 ইউকেৰ বাসিন্দা ৰাচেল টেইলৰক মাস্ক নিপিন্ধাৰ বাবে বজাৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল। যাৰ বাবে ৩০ বছৰীয়া টেইলৰে উপায়ন্তৰ হৈ বেগৰ পৰা চেনিটেৰী নেপকিন উলিয়াই মাস্কৰ দৰে পৰিধান কৰে।

উল্লেখ্য যে মহিলাগৰাকীয়ে জনোৱা মতে, খুব দৰকাৰী কিছু সামগ্ৰী ক্ৰয়ৰ বাবে তেওঁ বজাৰলৈ গৈছিল। কিন্তু তেওঁৰ মাস্ক পৰিধান নকৰা বাবে ভিতৰত সোমাবলৈ অনুমতি প্ৰদান কৰা নাছিল কৰ্তৃপক্ষই। ইপিনে ওচৰত কোনো মাস্কৰ দোকানো নথকাৰ বাবেই তেওঁ বেগৰ পৰা চেনিটেৰী নেপকিন উলিয়াই মাস্কৰ দৰে পিন্ধাৰ সিদ্ধান্ত লয়।

You might also like