নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অবিবাহিত পুৰুষ অধিক আক্রান্ত হৈছে ক’ৰোনাতঃ সমীক্ষা

নিয়মীয়া বাৰ্তা ১২ অক্টোবৰঃ এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে এক সমীক্ষাত। কম আয়, নিম্ন স্তৰৰ পঢ়াশুনা, অবিবাহিত আৰু নিম্ন-মধ্যম আয়ৰ দেশত জন্মগ্রহণ কৰা পুৰুষসমূহ বেছিকৈ আক্রান্ত হৈছে ।

ৰাষ্ট্ৰীয় সংবাদপত্ৰত প্ৰকাশিত তথ্য় অনুসৰি, ছুইডেনৰ ষ্টকহোম বিশ্ববিদ্যালয়ৰ অধ্যাপক, লেখক ছভেন ড্রেফাহলে উল্লেখ কৰিছে, “আমি দেখিবলৈ পাইছো যে কোভিড -১৯ সম্পর্কত বিতর্ক আৰু সংবাদসংস্থাসমূহে বিভিন্ন পৃথক যুক্তি দৰ্শাইছে”। কিন্তু এই গৱেষণাটো ছুইডেনৰ ২০ বছৰ বা তাৰ উৰ্ধত পর্যবেক্ষণ কৰি পোৱা গৈছে। লগতে ছুইডেনৰ স্বাস্থ্য ও কল্যাণ বর্ডৰ তথ্যৰ ভিত্তিতে কৰা হৈছে সমীক্ষাটো।

নেচাৰ কমিউনিকেছনছ জার্নালত প্রকাশিত এক গৱেষণাত ড্রেফাহলে ব্যাখ্যা কৰিছে যে আয় আৰু পঢ়াশুনা কম লোকৰ ক’ৰোনা দেখা দিছে। সমীক্ষাত দেখা যায় এজন পুৰুষৰ স্বল্প আয় আৰু নিম্ন স্তৰৰ শিক্ষাৰ ফলত ক’ভিড -১৯ ত মৃত্যু হোৱাৰ যুক্তিপূর্ণ কাৰণো আছে।

সমীক্ষাত প্রমাণিত হৈছে যে ক’ভিড -১৯ ত মহিলাসকলৰ তুলনাত পুৰুষসকলৰ মৃত্যুৰ হাৰ দুগুণ। অবিবাহিত পুৰুষ আৰু মহিলা যাৰ বিবাহ হোৱা নাই তাৰ লগতে বিধবা / বিবাহবিচ্ছেদ হোৱা লোকৰ ক’ভিড -১৯ ত মৃত্যুৰ হাৰ ১.৫-২ গুণ বেছি। কাৰণ, বহু ক্ষেত্ৰত জীৱনযাত্রা যাদৃচ্ছিক হয় বুলি সমীক্ষাটোত কোৱা হৈছে।

You might also like