নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সু–স্বাস্থ্যৰ বাবে কঁঠালৰ গুটি

কঁঠাল এছিয়া মহাদেশত হোৱা এবিধ খুব জনপ্রিয় ফল৷ অসমৰ গাঁও–চহৰ আদি সকলোতে এজোপা হ’লেও কঁঠালৰ গছ দেখিবলৈ পোৱা যায়৷ আমাৰ সকলোৰে ঘৰতে নিশ্চয়কৈ অন্ততঃ এজোপা হ’লেও কঁঠাল গছ আছে৷ অতি সহজলভ্য এই সুস্বাদু ফলবিধক ফলৰ ভিতৰত আটাইতকৈ ডাঙৰ ফল বুলিও কোৱা হয়৷ যদিও আমি সকলোৱে এই সুস্বাদু ফলবিধ খাই ভাল পাওঁ, কিন্তু কোনেও হয়তো ইয়াৰ গুণাগুণৰ বিষয়ে অৱগত নহয়৷ অতি সহজলভ্য এই সুস্বাদু ফলবিধক ফলৰ ভিতৰত আটাইতকৈ ডাঙৰ বুলি কোৱাৰ উপৰি ইয়াৰ ফলত আমাৰ শৰীৰৰ যথেষ্টখিনি উপকাৰ সাধন হয়৷ তলত কঁঠালৰ কিছু গুণাগুণ আলোচনা কৰা হ’ল৷
ইয়াৰ বৈজ্ঞানিক নাম হৈছে আৰটকাৰপাছ হিটাৰফাইলাছ৷ ইয়াৰ মিঠা সোৱাদ আৰু সহজলভ্যতাৰ কাৰণে ই এবিধ খুব জনপ্রিয় ফল৷ আপোনালোকে জানেনে কঁঠালৰ ফুটবোৰৰ লগতে ইয়াৰ গুটিবোৰৰ কিমান ঔষধিয় গুণ আছে, এই গুটিসমূহ নানান ঔষধিয় গুণেৰে ভৰপূৰ৷ ইয়াৰ গুণাগুণ আৰু চাহিদা বর্তমানে গোটেই বিশ্বজুৰি বৃদ্ধি পাইছে৷ আমাৰ অসমতো কঁঠাল গুটিৰ জনপ্রিয়তা খুব বেছি৷ আমি সাধাৰণতে কঁঠাল গুটিৰ পিটিকা, আঞ্জা নহ’লে দাইলত দি খাওঁ৷ অৱশ্যে ইয়াৰ নানান ৰকমৰ ব্যঞ্জন আছে৷
কঁঠালৰ গুটিত ৰাইব’ফ্লেভিন আৰু থাইয়েমিন নামৰ নিউট্রিয়েণ্ট পোৱা যায়৷ যি আমি খোৱা শক্তিলৈ ৰূপান্তৰিত কৰে৷ ইয়াত প্রচুৰ পৰিমাণে প্র’টিন, কার্ব’হাইড্রেট, ডাইয়েটেৰী ফাইবাৰ, ভিটামিন, পটাছিয়াম, কেলচিয়াম, জিংক, মেংগানিজ, মেগনেছিয়াম, আইৰন আৰু কপাৰ পোৱা যায়৷ তদুপৰি ইয়াত এণ্টি–মাইক্র’বিয়েল কম্পাউণ্ড যথেষ্ট পৰিমাণে পোৱা যায়, যি আমাৰ শৰীৰত যিকোনো ধৰণৰ বেক্টেৰিয়েল সংক্রমণ ৰোধ কৰাত সহায় কৰে৷ কঁঠালৰ গুটিত যথেষ্ট প্র’টিন পোৱা যায়, যি আমাৰ শৰীৰৰ ইমিউন প্রণালীটো শক্তিশালী কৰি ৰখাত উল্লেখনীয় ভূমিকা পালন কৰে৷ তদুপৰি ইয়াত ভিটামিন–এ আৰু ভিটামিন–চিৰ মাত্রা যথেষ্ট বেছি৷ কর্কট ৰোগ প্রতিৰোধৰ ক্ষেত্রতো কঁঠালৰ গুটিৰ যথেষ্ট অৰিহণা আছে৷ কাৰণ ইয়াত কর্কট ৰোগ প্রতিৰোধৰ বাবে প্রয়োজনীয় লিগনানচ, ছাপনিনচ, ফাইট–নিউট্রিয়েণ্টছ প্রচুৰ পৰিমাণে পোৱা যায়৷ এই আটাইবোৰ উপাদানে আমাৰ শৰীৰটোক ফ্রী–ৰেডিকেলৰ পৰা ৰক্ষা কৰে৷ আপুনি যদি অজীর্ণ আৰু বদহজম আদি ৰোগত ভুগিছে, তেন্তে কঁঠালৰ গুটি হৈছে উৎকৃষ্ট আহাৰ৷ কাৰণ ইয়াত থকা নিউট্রিয়েণ্টবিলাকে আমি খোৱা খাদ্য পাচন কৰাত সহায় কৰে৷ তদুপৰি কঁঠালৰ গুটিত যথেষ্ট পৰিমাণে ডাইয়েটেৰী ফাইবাৰ পোৱা যায়, যি আমাৰ পেটৰ নানান ৰোগ যেনে– আলচাৰ, ডিছেণ্টেৰী, ডায়েৰীয়া আদিৰ বাবে উপকাৰী৷ ইয়াত থকা ভিটামিন–এ আমাৰ চকুযুৰি শক্তিশালী কৰি ৰখাত সহায় কৰে৷ যিসকল লোকৰ ভিটামিন–এ ডেফিচিয়েঞ্চী আছে, তেওঁলোকে কঁঠালৰ গুটি খোৱাটো খুবেই প্রয়োজনীয়৷ কাৰণ ভিটামিন–এ আমাৰ চকুযুৰিৰ বাবে আটাইতকৈ প্রয়োজনীয় নিউট্রিয়েণ্ট৷ আজিকালি আমাৰ সকলোৰে ব্যস্ততাপূর্ণ জীৱনশৈলীত অভ্যাসত হৈ পৰিছোঁ আৰু সকলোৱে অতি সহজতে মানসিকভাৱে ভাৰাক্রান্ত হৈ পৰোঁ৷ অধ্যয়নত গম পোৱা গৈছে যে কঁঠালৰ গুটি খালে আমাৰ মানসিক ভাৰসাম্য অটুট ৰখাত যথেষ্ট সহায় কৰে৷ কঁঠালৰ গুটিত আইৰনৰ মাত্রা যথেষ্ট বেছি৷ গতিকে এনিমিয়া আৰু তেজৰ বিভিন্ন ৰোগৰ বাবে ই মহৌষধ৷ শৰীৰচর্চাবিদসকল্ তেওঁলোকৰ দৈনিক খাদ্য তালিকাত কঁঠালৰ গুটি যোগ দিব পাৰে, কাৰণ ইয়াত প্রচুৰ পৰিমাণে প্র’টিন পোৱা যায়৷ আমাৰ মাংসপেশীসমূহ মজবুত আৰু শক্তিশালী কৰি ৰখাত ই সহায় কৰে৷ যিসকলে উচ্চ ৰক্তচাপত ভুগি আছে, তেওঁলোকে কঁঠালৰ গুটি খালে উচ্চ ৰক্তচাপ নিয়ন্ত্রণত অহাৰ সম্ভাৱনা আছে৷ কাৰণ ইয়াত পটাছিয়ামৰ মাত্রা বেছি, যি উচ্চ ৰক্তচাপ নিয়ন্ত্রণত সহায় কৰে৷

You might also like