নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনক ৰুধিবলৈ লাডাখৰ ১৩,৭০০ ফুট উচ্চতাত বায়ুসেনাৰ ঘাটি নিৰ্মাণ ভাৰতৰ

🔹 অক্টোবৰত সম্পূর্ণ হ’ব ৩ কিলোমিটাৰজোৰা ৰানৱে

নিউজ ডেস্ক, ২২ জুলাই : প্রতিবেশী ৰাষ্ট্র চীনৰ এলএচিত আগ্রাসনক লৈ সদাসতর্ক ভাৰত৷ চীনৰ সেনাৰ গতিবিধি প্রকৃত নিয়ন্ত্রণৰেখা (এলএচি)ত নিৰীক্ষণ কৰিবলৈ নতুন দিল্লীয়ে বিশেষ পদক্ষেপ গ্রহণ কৰিছে৷ ড্রেগনৰ গতিবিধি নখ দর্পণত ৰাখিবলৈ লাডাখৰ ১৩,৭০০ ফুট উচ্চতাত ভাৰতে নির্মাণ কৰি আছে বায়ুসেনাৰ ঘাটি৷ চীনা সৈন্যৰ গতিবিধি অহৰহ নিৰীক্ষণ কৰি ৰাখিবলৈ লাডাখৰ পূব প্রান্তৰ মুধি–নোওমা অঞ্চলত ভাৰতে নির্মাণ কৰি আছে দেশখনৰ সর্বোচ্চ উচ্চতাত বায়ুসেনাৰ ঘাটি৷

বিশেষ তথ্য মতে, অহা অক্টোবৰ মাহতেই এই বিমান ঘাটিটো কার্যক্ষম হৈ উঠিব৷ দেশৰ আপদকালীন পৰিস্থিতিত এই বায়ুসেনাৰ ঘাটিটো গুৰুত্বপূর্ণ হিচাপে ব্যৱহূত হ’ব৷ ভাৰতীয় সেনাৰ সূত্রত প্রকাশ কৰা মতে, যিকোনো জৰুৰী পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বিশেষভাৱে এই বায়ুসেনা ঘাটিটো নির্মাণ কৰা হৈছে৷ ২০২১ চনত কেন্দ্রীয় চৰকাৰে অনুমোদন জনোৱা এই ঘাটিটোৰ নির্মাণৰ বাবে ২১৪ কোটি টকা ধার্য কৰা হৈছে৷ দ্রুত গতিৰে নির্মাণ চলাই থকা বায়ুসেনা ঘাটিটোৰ তিনি কিলোমিটাৰ ৰানৱে ইতিমধ্যে নির্মাণ সম্পূর্ণ হৈছে৷ লাডাখৰ নোওমা অঞ্চলত প্রকৃত নিয়ন্ত্রণৰেখাৰ নিচেই ওচৰত নির্মাণ কৰাৰ বাবে এই ঘাটিটো সেনাৰ বাবে অতি গুৰুত্বপূর্ণ৷

মন কৰিবলগীয়া যে গালৱানত ভাৰত আৰু চীনৰ সেনাৰ মাজত সংঘর্ষৰ পাছত চীনক বিশ্বাসত নলৈ নতুন দিল্লীয়ে লাডাখৰ উচ্চতাত এই ঘাটি নির্মাণ কৰিছে৷ লাডাখৰ পৰা অৰুণাচল প্রদেশলৈকে চীনৰ আগ্রাসন ভাৰতৰ বাবে উদ্বেগজনক বিষয় হৈ আহিছে৷ ইয়াৰ পৰিপ্রেক্ষিততেই লাডাখত বায়ুসেনা ঘাটি নির্মাণ কৰাটো নতুন দিল্লীৰ কৌশলগত নীতি বুলি বিবেচিত হৈছে৷

You might also like