আৰব সাগৰত ভাৰত–পাকিস্তানৰ যুদ্ধৰ আখৰা
🔹 ৬০ ন’টিকেল ব্যৱধানত পৃথক অনুশীলনত ব্যস্ত দুই দেশৰ নৌসেনা
নিউজ ডেস্ক, ১২ আগষ্ট : অপাৰেচন সিন্দূৰৰ পিছত আন এক যুদ্ধৰ কুচকাৱাজ ভাৰত–পাকিস্তানৰ৷ ভাৰতীয় নৌসেনাই কালি আৰব সাগৰত যুদ্ধৰ অনুশীলন চলায়৷ আনহাতে, পাকিস্তানৰ নৌসেনায়ো একে সময়তে আৰব সাগৰত যুদ্ধৰ আখৰা কৰি থকা পৰিলক্ষিত হয়৷ এই যুদ্ধ অনুশীলনত দুয়োখন দেশৰ মাজৰ দূৰত্ব মাত্র ৬০ ন’টিকেল মাইল৷ হঠাৎ প্রায় ১১২ কিলোমিটাৰ দূৰত্বত চিৰবৈৰী দেশ দুখনে যুদ্ধৰ আখৰা কৰাটোৱে বিশেষ তাৎপর্য বহন কৰিছে৷
প্রতিৰক্ষা মন্ত্রালয়ৰ তথ্য অনুসৰি, ভাৰতীয় নৌসেনাই গুজৰাটৰ পোৰবন্ধৰ আৰু ওখা উপকূলৰ সমীপত ১১ আৰু ১২ আগষ্টত অনুশীলন কৰিব৷ একে সময়তে পাকিস্তানৰ নৌ সেনায়ো অনুশীলনৰ বাবে এক অধিসূচনা জৰি কৰিছে৷ ইয়াৰ বাবে পাকিস্তান বায়ুসেনাকো নির্দেশ দিয়া হৈছে যিয়ে সংশ্লিষ্ট সময়ত আকাশমার্গত বিমানৰ উৰণত নিষেধাজ্ঞা আৰোপ কৰে৷
উল্লেখ্য যে অপাৰেচন সিন্দূৰৰ পিছত নিচেই কম দূৰত্বত দুয়োখন দেশৰ এই অনুশীলনে বিশেষ গুৰুত্ব লাভ কৰিছে৷ কিয়নো অপাৰেচন সিন্দূৰৰ পিছত ভাৰতীয় নৌসেনাই কৰাচীত আক্রমণৰ সম্পূর্ণ প্রস্তুতি চলাইছিল৷ অৱশ্যে শেষ মুহূর্তত সিদ্ধান্ত বাতিল কৰা হয়৷