নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগদ ধন কেলেংকাৰি : বিপদত ন্যায়াধীশ যশোৱন্ত বৰ্মা

এলাহাবাদ হাইক’ৰ্টৰ ন্যায়াধীশ যশোৱন্ত বৰ্মাৰ নগদ ধন কেলেংকাৰিৰ গোচৰত সমস্যা বৃদ্ধি পাইছে। তেওঁৰ বিৰুদ্ধে লোকসভাত অধ্যক্ষ ওম বিৰলাই মহাভিযোগ প্ৰস্তাৱৰ অনুমোদন জনাইছে। প্ৰাপ্ত তথ্য অনুসৰি, এই প্ৰস্তাৱত মুঠ ১৪৬জন সাংসদে স্বাক্ষৰ কৰিছে, য’ত শাসক আৰু বিৰোধী দলৰ নেতাসকলো অন্তৰ্ভুক্ত। লোকসভাৰ অধ্যক্ষই এখন তদন্ত সমিতিও গঠন কৰিছে। এই সমিতিত অন্তৰ্ভুক্ত ন্যায়াধীশসকলৰ নামো ঘোষণা কৰা হৈছে।

লোকসভা অধ্যক্ষ ওম বিৰলাই গঠন কৰা তদন্ত সমিতিত উচ্চতম ন্যায়ালয় আৰু হাইক’ৰ্টৰ পৰা এজন এজন ন্যায়াধীশক অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰি এজন বিশিষ্ট আইনজ্ঞকো এই সমিতিত স্থান দিয়া হৈছে। তদন্ত সমিতিৰ প্ৰতিবেদন নাহিলে মহাভিযোগৰ প্ৰস্তাৱ স্থগিত হৈ থাকিব। সমিতিৰ কথা ক’বলৈ গ’লে, ইয়াত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ন্যায়াধীশ অৰবিন্দ কুমাৰ, কৰ্ণাটক হাইক’ৰ্টৰ জ্যেষ্ঠ অধিবক্তা বিবি আচাৰ্য আৰু মাদ্ৰাজ হাইক’ৰ্টৰ মুখ্য ন্যায়াধীশ মনিন্দ্ৰ মোহন শ্ৰীৱাস্তৱক অন্তৰ্ভুক্ত কৰা হৈছে।

Niyomiya Barta Desk, 12 August, 2025

You might also like