নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানৰ কাৰাগাৰত মৃত্যু ভাৰতীয় মাছমৰীয়াৰ

🔹 দুমাহ পিছত মৃতদেহ ওভতাই অনাৰ প্রস্তুতি

বিশেষ বাৰ্তা, ২৯ এপ্রিল : মৎস্য চিকাৰলৈ গৈ পাকিস্তানৰ জলসীমাত প্রৱেশ কৰিছিল এগৰাকী ভাৰতীয় মাছমৰীয়াই৷ পাকিস্তানী নিৰাপত্তা বাহিনীৰ হাতত গ্রেপ্তাৰ হোৱাৰ পিছত ২০২২ চনৰ পৰা কৰাচীৰ কাৰাগাৰত বন্দী হৈ আছিল এই মাছমৰীয়াজন৷ যোৱা মার্চ মাহত কাৰাগাৰতে অসুস্থ হৈ মৃত্যু হয় মহাৰাষ্ট্রৰ পালঘৰ জিলাৰ গোৰাটপোড়া গাঁৱৰ বাসিন্দা লক্ষ্মণ কোলেৰ৷ প্রায় ডেৰ মাহ সময় উকলি যোৱাৰ পিছতো মাছমৰীয়াজনৰ মৃতদেহ ভাৰতলৈ ওভতাই অনাটো সম্ভৱ হোৱা নাই৷ শেহতীয়াকৈ সংবাদ সূত্রই সদৰী কৰিছে যে মাছমৰীয়াজনৰ মৃতদেহ ভাৰতলৈ ওভতাই অনাৰ প্রক্রিয়া আৰম্ভ কৰা হৈছে৷ ২০২২ চনৰ অক্টোবৰ মাহত ৪৫ বছৰীয়া লক্ষ্মণ কোলেই মৎস্য চিকাৰ কৰিবলৈ গৈ পাকিস্তানৰ জলসীমাৰ ভিতৰত প্রৱেশ কৰিছিল৷ নাওসহ পাক নিৰাপত্তা বাহিনীয়ে গ্রেপ্তাৰ কৰিছিল লক্ষ্মণক৷ যোৱা ৮ মার্চত কাৰাগাৰৰ ভিতৰতে পক্ষাঘাতত আক্রান্ত হয় লক্ষ্মণ কোলে৷ লক্ষ্মণক হাস্পতালত চিকিৎসা প্রদান কৰা হয় যদিও ১৭ মার্চত মৃত্যু হয়৷ ভাৰতীয় বন্দীসকলৰ বাবে কাম কৰা এটা সংগঠনৰ প্রতিনিধি যতীন দেশায়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি কৰাচী জে’লত বন্দী অন্য ভাৰতীয়ই লক্ষ্মণৰ মৃত্যুৰ খবৰ পৰিয়াললৈ প্রেৰণ কৰে৷ কিন্তু মৃতদেহ কেনেদৰে ওভতাই আনিব, তাক লৈ পৰিয়াল চিন্তাত পৰে৷ অৱশেষত যতীন দেশায়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি সমস্যাৰ অৱসান হৈছে৷ লক্ষ্মণৰ মৃতদেহ প্রথমে অমৃতসৰলৈ অনা হ’ব৷ তাৰ পিছত মহাৰাষ্ট্রৰ গাঁৱৰ ঘৰলৈ প্রেৰণ কৰা হ’ব৷

You might also like