নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬০০ কোটিৰ ড্রাগছভর্তি পাক নাও আটক গুজৰাটত

🔹 উপকূলৰক্ষী বাহিনী–এনচিবি–আৰক্ষীৰ যৌথ অভিযান : ১৪জনক গ্রেপ্তাৰ

বিশেষ বাৰ্তা, ২৯ এপ্রিল : লোকসভা নির্বাচন চলি থকা সময়তে সীমান্তত ধৰা পৰিল ড্রাগ্ছভর্তি পাকিস্তানী নাও৷ কালি ৬০০ কোটি টকাৰ ড্রাগ্ছভর্তি পাকিস্তানী নাওখন আটক কৰা হয় গুজৰাটৰ পোৰবন্দৰৰ পৰা৷ নাওখনত থকা ১৪ পাকিস্তানী নাগৰিককো গ্রেপ্তাৰ কৰে আৰক্ষীৰ সন্ত্রাস দমন শাখা আৰু এনচিবিৰ যৌথ বাহিনীয়ে৷ স্মর্তব্য যে লোকসভা নির্বাচনৰ মাজতে ভাৰতলৈ বিপুল পৰিমাণৰ ড্রাগ্ছ সৰবৰাহৰ চেষ্টা চলা বুলি পূর্বেই তথ্য লাভ কৰিছিল চোৰাংচোৱাই৷ সেই সূত্র ধৰিয়েই শনিবাৰে নিশাৰে পৰা ব্যাপক তালাচী অভিযান আৰম্ভ কৰা হয়৷ উপকূলৰক্ষী বাহিনীৰ বিশেষ নজৰদাৰী জাহাজ আৰু বিমানেৰে গুজৰাটৰ বৃহৎ অঞ্চলজুৰি তালাচী আৰম্ভ কৰা হয়৷ অৱশেষত কালি দুপৰীয়া পাকিস্তানী নাওখন ধৰা পৰে৷ কিন্তু একাধিকবাৰ নজৰদাৰী এৰাই ওলাবলৈ চেষ্টা কৰিছিল নাওখনে৷ এই অভিযান সন্দর্ভত এক বিবৃতি প্রকাশ কৰিছে উপকূলৰক্ষী বাহিনীয়ে৷ বিবৃতিত প্রকাশ কৰা অনুসৰি, মুঠ ৮৬ কিলোগ্রাম ড্রাগ্ছ উদ্ধাৰ হৈছে নাওখনৰ পৰা৷ আন্তর্জাতিক বজাৰত জব্দ হোৱা এই ড্রাগ্ছৰ মূল্য প্রায় ৬০০ কোটি টকা৷ লক্ষণীয়ভাৱে উপকূলৰক্ষী বাহিনীৰ জাহাজেৰে এনচিবি আৰু গুজৰাট আৰক্ষীৰ এটিএছৰ বিষয়াসকলে তালাচী চলাইছিল৷ এই যৌথ অভিযানৰ সফলতাৰ পিছত ড্রাগ্ছ সৰবৰাহকাৰীৰ বৃহৎ ষড়যন্ত্র ব্যর্থ হোৱা বুলি দাবী কৰিছে উপকূলৰক্ষী বাহিনীয়ে৷ লক্ষণীয়ভাৱে সঘনে গুজৰাটৰ বন্দৰত জব্দ হৈছে পাকিস্তানৰ পৰা প্রেৰণ কৰা ড্রাগ্ছ৷ বিভিন্ন সময়ত ভাৰতীয় নিৰাপত্তা বাহিনীৰ নজৰত ধূলি দি এই ভূখণ্ডলৈ পাকিস্তানী অপৰাধী চক্রই ড্রাগ্ছ সৰবৰাহ কৰি আহিছে৷ ইতিমধ্যে গ্রেপ্তাৰ হোৱা পাক নাগৰিকসকলক জেৰা কৰিছে আৰক্ষীয়ে৷ পৰহি নিশাৰে পৰা পাকিস্তানী নাওখনৰ সন্ধানত অভিযান চলোৱা হয় যদিও কেইবাবাৰো উপকূলৰক্ষী বাহিনীৰ জাহাজৰ চকুত ধূলি দিছিল ড্রাগ্ছ সৰবৰাহকাৰীৰ নাওখনে৷ অৱশ্যে জাহাজ আৰু বিমানৰ কঠোৰ নজৰদাৰীৰ বাবে পলাবলৈ সক্ষম নহ’ল ড্রাগ্ছ সৰবৰাহকাৰীকেইটা৷

You might also like