নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীসহ দেশৰ একাধিক চহৰত ভয়াৱহ আক্রমণৰ পৰিকল্পনা লস্কৰৰ

নিউজ ডেস্ক, ২২ ফেব্রুৱাৰী : দিল্লীসহ দেশৰ একাধিক বৃহৎ চহৰত আইইডি বিস্ফোৰণেৰে ভয়াৱহ আক্রমণৰ পৰিকল্পনা কৰিছে পাকিস্তানী সন্ত্রাসবাদী গোট লস্কৰ-ই-তৈবাই৷- এই সতর্কবাণী জাৰি কৰিছে দেশৰ চোৰাংচোৱা সংস্থাই৷ ইফালে, চোৰাংচোৱা সংস্থাৰ সতর্কবাণীৰ পিছত পঞ্জাব আৰু কাশ্মীৰৰ দুটা স্থানৰ পৰা বিস্ফোৰক সামগ্রী উদ্ধাৰ হোৱা ঘটনায়ো অধিক আশংকা বৃদ্ধি কৰিছে৷

সূত্র অনুসৰি, শুকুৰবাৰে পঞ্জাবৰ অমৃতসৰৰ ৰায়া থানা এলেকাত পৰিত্যক্ত বেগৰ পৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্রী উদ্ধাৰ কৰা হয়৷ আৰক্ষীয়ে তথ্য লাভৰ পিছতে বোমা বিশেষজ্ঞক লগত লৈ উক্ত স্থানত উপস্থিত হৈ আইইডিটো নিষ্ক্রিয় কৰে৷ অমৃতসৰৰ আৰক্ষী অধীক্ষক চোহেইল কাছিমীয়ে সদৰী কৰা মতে, আৰক্ষী চকীৰ সন্মুখতে বিস্ফোৰক সামগ্রীখিনি উদ্ধাৰ কৰা হয়৷ পৰীক্ষাৰ অন্তত সেই সামগ্রীখিনি আইইডি বুলি নিশ্চিত হয় আৰু অৱশেষত নিষ্ক্রিয় কৰা হয়৷ একেদৰে কাশ্মীৰৰ গণ্ডাৰবল জিলাৰ চাফাপোৰাতো সেনাই এটা আইইডি উদ্ধাৰ কৰে৷ সেনাৰ স্কোৱাড আৰু জম্মু–কাশ্মীৰৰ যৌথ অভিযানত উদ্ধাৰ হোৱা আইইডিটো পৰৱর্তী সময়ত নিষ্ক্রিয় কৰা হয়৷

উল্লেখ্য যে বিগত সপ্তাহতো উত্তৰ কাশ্মীৰত আইইডি উদ্ধাৰ হৈছে৷ যোৱা বৃহস্পতিবাৰে বাৰামুল্লাৰ টাংমাৰাগ পথত এটা আইইডি উদ্ধাৰ কৰিছিল সেনাই৷ ইয়াৰ ভিত্তিতে কালি পুৱা চোৰাংচোৱা সূত্রই তথ্য লাভ কৰে যে লস্কৰ–ই–তৈবাৰ উগ্রপন্থী সংগঠনটোৱে দিল্লীৰ লালকিল্লাৰ সমীপৱর্তী অঞ্চল চান্দনি চ’কৰ দৰে জনবসতিপূর্ণ স্থান, ধর্মীয় আৰু পর্যটনস্থলীত আক্রমণ কৰাৰ পৰিকল্পনা কৰিছে৷ কেৱল নতুন দিল্লীয়েই নহয়, দেশৰ কেইবাখনো প্রধান চহৰত লস্কৰ-ই-তৈবাই আক্রমণৰ কূটকৌশল ৰচনা কৰিছে৷ ইয়াৰ পিছতে সমগ্র দেশৰ প্রধান চহৰসমূহত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা৷ ৰে’ল, বিমানবন্দৰ, মেট্র’, প্রধান ব্যৱসায়িক অঞ্চলসমূহত মোতায়েন কৰা হৈছে সেনা আৰু অর্ধসামৰিক বাহিনী৷ সমান্তৰালভাৱে তালাচী অভিযানো তীব্রতৰ কৰা হৈছে৷

You might also like