নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

JEE-NEET পৰীক্ষাৰ নির্দেশনা জাৰি নেচনেল টেষ্ট এজেঞ্চীৰ

নিয়মীয়া বাৰ্তা ২৬ আগষ্টঃ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া জে ই ই–নীট প্রৱেশ পৰীক্ষাৰ বাবে শিক্ষার্থী আৰু শিক্ষকক লৈ নির্দেশনা জাৰি কৰিছে নেচনেল টেষ্টিং এজেঞ্চী (এনটিএ)য়ে৷ ক’ভিড–১৯ৰ সংকটৰ সময়ছোৱাত অনুষ্ঠিত এই পৰীক্ষাৰ সময়ত সকলোৱে ক’ভিড–১৯ প্রট’কল মানি ল’ব লাগিব৷ নির্দেশনা অনুযায়ী প্রতিটো কেন্দ্রত ফেচ মাস্ক  উপলব্ধ, শিক্ষার্থী আৰু পৰিদর্শকে সামাজিক দূৰত্ব মানি চলিব লাগিব৷ পৰীক্ষা কেন্দ্রত প্রৱেশদ্বাৰত শিক্ষার্থী আৰু পৰিদর্শকে থার্মেল স্ক্রীনিং কৰিব লাগিব৷ আনপিনে ক’ভিড–১৯ৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি এই মহামাৰীৰ লক্ষণ দেখিলে যিকোনো শিক্ষার্থীক পৃথককৈ ৰাখিবলৈ আইছ’লেচন কক্ষ স্থাপন কৰিব লাগিব৷ থার্মেল স্ক্রীনিঙৰ সময়ত যি শিক্ষার্থীৰ দেহত তাপমাত্রা বৃদ্ধি পোৱাৰ সন্দেহ কৰা হয়, তেনে শিক্ষার্থীক আইছ’লেচন কক্ষত ৰাখি পৰীক্ষাত অৱতীর্ণ হোৱাৰ সুযোগ দিয়া হ’ব৷ ক’ভিড–১৯ত আক্রান্ত নহয় বুলি শিক্ষার্থীয়ে নিজাকৈ ঘোষণা কৰা পত্র কর্তৃপক্ষক জমা দিব লাগিব৷ তদুপৰি কোনো ক’ভিড–১৯ ৰোগীৰ সৈতে সংস্পর্শলৈ যে অহা নাই সেই সন্দর্ভতো ঘোষণা–পত্র দিব লাগিব৷ এনে ক্ষেত্রত শিক্ষার্থীক এখন প্র–পত্র দিয়া হ’ব আৰু পত্রখন পৰীক্ষা কেন্দ্রৰ পৰিদর্শকৰ সন্মুখত পূৰণ কৰিব লাগিব৷

যি শিক্ষার্থীয়ে ক’ভিড–১৯ প্রট’কল কিম্বা নির্দেশনা উংলঘন কৰে, তেনে শিক্ষার্থীক পৰীক্ষাগৃহত প্রৱেশ কৰিবলৈ অনুমতি দিয়া নহ’ব৷ প্রতিগৰাকী শিক্ষার্থীয়ে পৰীক্ষাগৃহত ৬ ফুট দূৰত্ব বজাই ৰাখি আসন গ্রহণ কৰিব লাগিব৷ শিক্ষার্থীসকলৰ পুৰণি মাস্ক আঁতৰাব লাগিব আৰু পৰীক্ষাগৃহত যোগান ধৰা নতুন মাস্ক পৰিধান কৰিব লাগিব৷ পৰীক্ষা সমাপ্ত হোৱাৰ পিছত এজন এজনকৈ শিক্ষার্থীসকলক বাহিৰলৈ যাবলৈ অনুমতি দিয়া হ’ব৷ উল্লেখ্য যে পৰীক্ষাগৃহৰ প্রৱেশদ্বাৰত ভিৰ নকৰিবলৈ শিক্ষার্থীসকলক বিশেষভাৱে সজাগ হ’বলৈ নির্দেশনাটোত উল্লেখ কৰা হৈছে৷

উল্লেখ্য যে ক’ভিড–১৯ সংকটৰ বাবে এই পৰীক্ষা স্থগিত ৰখাৰ বাবে দেশৰ বিভিন্ন প্রান্তৰ শিক্ষার্থীয়ে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে যদিও সেই আবেদন খাৰিজ কৰি সর্বোচ্চ ন্যায়ালয়ে ক’ভিড–১৯ প্রট’কলৰ মাজত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ এন টি এক অনুমতি দিয়ে৷ মন কৰিবলগীয়া যে জে ই ইৰ মূল পৰীক্ষা ১ ছেপ্টেম্বৰৰ পৰা ৬ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হোৱাৰ বিপৰীতে ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব নীট৷

You might also like