নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুটা বেলিষ্টিক ক্ষেপণাস্ত্রৰ পৰীক্ষা চলালে উত্তৰ কোৰিয়াই

নিয়মীয়া বাৰ্তা ২৬ মাৰ্চঃ ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ নিষেধাজ্ঞা বাহাল থকা সত্ত্বেও উত্তৰ কোৰিয়াই আজি দুটা বেলিষ্টিক ক্ষেপণাস্ত্র উৎক্ষেপণ কৰি বিভিন্ন মহলত সৃষ্টি কৰিছে আতংক৷ জাপানৰ সমুদ্রত গৈ এই ক্ষেপণাস্ত্র দুটা পৰে৷ লক্ষণীয়ভাৱে টকিঅ’ অলিম্পিক ক্রীড়া সমাৰোহৰ পূর্বে উত্তৰ কোৰিয়াই এনেদৰে বেলিষ্টিক ক্ষেপণাস্ত্রৰ পৰীক্ষা চলোৱা বিষয়টোক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷

তাৎক্ষণিকভাৱে উত্তৰ কোৰিয়াৰ এই কার্যক গৰিহণা দিছে জাপান আৰু দক্ষিণ কোৰিয়া চৰকাৰে৷ মাত্র দুদিন পূর্বে কট্টৰ কমিউনিষ্ট ৰাষ্ট্র উত্তৰ কোৰিয়াই দুটা ক্ষেপণাস্ত্রৰ পৰীক্ষা চলাই আমেৰিকাৰ বাইডেন প্রশাসনৰ বিৰুদ্ধে সৃষ্টি কৰিছে প্রত্যাহ্বান৷

শেহতীয়াকৈ জ’ বাইডেন প্রশাসনক উত্তৰ কোৰিয়াৰ বিৰুদ্ধে কোনোধৰণৰ কঠোৰ ব্যৱস্থা গ্রহণ নকৰিবলৈ সতর্কবাণী কৰিছে দেশখনৰ শীর্ষ নেতা কিম জং–উনৰ ভগ্ণী কিম য়ো–জঙে৷ আনকি বাইডেন প্রশাসনে আগন্তুক চাৰি বছৰ শান্তিৰে শুবলৈ হ’লে উত্তৰ কোৰিয়াক লৈ নেতিবাচক দৃষ্টিভংগী গ্রহণ কৰাৰ পৰা বিৰত থকা উচিত বুলিও মন্তব্য কৰিছে কিমৰ ভগ্ণীয়ে৷

You might also like