নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজনিশা ৰাজ্যসভাত গৃহীত জিএনচিটিডি বিধেয়ক; উপ–ৰাজ্যপালৰ হাতলৈ দিল্লীৰ প্রশাসনিক ক্ষমতা

নিয়মীয়া বাৰ্তা ২৬ মাৰ্চঃ দিল্লীৰ প্রশাসনিক ক্ষমতা সম্পর্কীয় বিধেয়কখনত ৰাজ্যসভাই অনুমোদন জনাইছে৷ মাজনিশা পর্যন্ত তীব্র বিতর্ক আৰু হুলস্থূলীয়া পৰিৱেশৰ মাজত গৃহীত হয় জিএনচিটিডি বিল৷ ইয়াৰ জৰিয়তে দিল্লীৰ প্রশাসনিক ক্ষমতা সম্পূর্ণৰূপে তুলি দিয়া হৈছে উপ–ৰাজ্যপালৰ হাতত৷

লক্ষণীয়ভাৱে ৰাজ্যসভাত এই বিধেয়ক গৃহীত হোৱা বিষয়টোক লৈ বিজেপিক কঠোৰ সমালোচনা কৰিছে আম আদমী পার্টী (আপ)য়ে৷ ইফালে তৃণমূল কংগ্রেছৰ ৰাজ্যসভাৰ সাংসদসকলেও দিল্লীৰ প্রশাসনিক ক্ষমতা উপ–ৰাজ্যপালৰ হাতত গতাই দিয়া বিষয়টোক লৈ মোদী চৰকাৰক কঠোৰ সমালোচনা কৰিছে৷ ইফালে দিল্লীৰ উপ–মুখ্যমন্ত্রী মনীষ শিশোদিয়াই মোদী চৰকাৰক সমালোচনা কৰি কৈছে যে অৰবিন্দ কেজৰিৱাল মোদীৰ বিকল্প হ’ব পাৰে বুলিয়েই এনডিএ চৰকাৰ এতিয়া শংকিত৷

You might also like