নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত বিশ্বকাপ খেলিবলৈ নাহে পাকিস্তান : ভাৰতীয় ব’ৰ্ডক হুংকাৰ ৰামিজ ৰাজাৰ

বিশেষ বাৰ্তা, ২৭ নৱেম্বৰঃ ভাৰতীয় ক্রিকেট ব’ৰ্ডক একপ্রকাৰ হুমকি দিলে পাকিস্তান ক্রিকেট ব’ডৰ অধ্যক্ষ ৰামিজ ৰাজাই৷ উল্লেখ্য যে অহা বছৰ ভাৰতত অনুষ্ঠিত হ’ব এদিনীয়া বিশ্বকাপ৷ ইয়াৰ পূর্বেই পাকিস্তানে এছিয়া কাপ আয়োজন কৰিব৷ সেই প্রতিযোগিতাত যদি ভাৰতে অংশগ্রহণ নকৰে, তেনেহ’লে পাকিস্তানেও বিশ্বকাপ খেলিবলৈ ভাৰতলৈ নাহে৷ ৰাজাই দাবী কৰে যে বিগত দুবছৰ ধৰি পাকিস্তানে উচ্চমানৰ ক্রিকেট খেলিছে৷ তেওঁৰ মতে, ‘আমাৰ অৱস্থান স্পষ্ট৷ ভাৰতে এছিয়া কাপ খেলিবলৈ আহিলে আমি ভাৰতত বিশ্বকাপ খেলিবলৈ যাম৷ অন্যথা তেওঁলোকে যি মন যায় তাকে কৰক৷ পাকিস্তান অবিহনে তাত বিশ্বকাপ খেলিব লাগিব৷ পাকিস্তানে যদি বিশ্বকাপ নেখেলে তেনেহ’লে বিশ্বকাপ কোনে চাব৷ আমাৰ দল যথেষ্ট ভাল আৰু আমি বহুকেইটা দলক হৰুৱাই টি–২০ বিশ্বকাপৰ ফাইনেল খেলিছোঁ৷ ২০২১ৰ টি–২০ বিশ্বকাপত আমি ভাৰতক হৰুৱাইছিলোঁ৷ বিগত এছিয়া কাপতো আমাৰ হাতত পৰাস্ত হৈছে ভাৰত৷’’

You might also like