নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোদী চৰকাৰৰ মেগা প্রজেক্ট : চীনক প্রত্যাহ্বানেৰে অৰুণাচল সীমান্তত ২০০০ কিঃমিঃ পথ

বিশেষ বাৰ্তা, ২৭ নৱেম্বৰঃ আগ্রাসী চীনক প্রত্যাহ্বান জনাবলৈ উত্তৰ–পূবৰ অৰুণাচল প্রদেশৰ সীমান্তত নির্মাণ হ’ব বৃহৎ আন্তঃগাঁথনি প্রকল্প৷ সামৰিক বাহিনীৰ বাবে অতিকৈ গুৰুত্বপূর্ণ এই বৃহৎ প্রকল্পটো অৰুণাচল প্রদেশৰ সীমান্ত কিম্বা এল এ চিৰ সমীপতে নির্মাণৰ পৰিকল্পনা সম্পূর্ণ কৰি তুলিছে মোদী চৰকাৰে৷ উত্তৰ–পূবৰ ৰাজ্য অৰুণাচল প্রদেশৰ সীমান্তত ২০০০ কিঃমিঃজোৰা ঘাইপথ নির্মাণ কৰা হ’ব৷ অৰুণাচল সীমান্ত ঘাইপথ হিচাপে চিহ্ণিত এই আন্তঃগাঁথনি প্রকল্পটো দেশৰ বৃহত্তম আৰু কঠিনতম প্রকল্প৷ প্রতিৰক্ষা মন্ত্রালয় আৰু কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রালয়ে এই প্রকল্পটো কেতিয়াকৈ নির্মাণ সম্পূর্ণ হ’ব সেয়া সময় নির্ধাৰণ কৰা নাই যদিও সামৰিক বাহিনীৰ বাবে কৌশলগত প্রকল্পটো ক্ষিপ্রতৰ গতিত নির্মাণ কৰা হ’ব৷ ইতিমধ্যে এই প্রকল্পটোৰ কাম নির্দিষ্ট কিছু অঞ্চলত আৰম্ভ কৰা হৈছে আৰু থলুৱাভাৱে উৎপাদিত সামগ্রী এই আন্তঃগাঁথনি নির্মাণৰ বাবে সৰবৰাহ কৰা হৈছে৷ বিগত সময়ত চীনে তীব্র আপত্তি কৰা সত্ত্বেও নতুন দিল্লীয়ে চুবুৰীয়া ৰাষ্ট্রখনৰ আপত্তিক আওকাণ কৰি মেকমোহন লাইনক অনুকৰণ কৰি এল এ চিৰ সমীপতে ২,০০০ কিঃমিঃজোৰা ঘাইপথটো নির্মাণ কৰা হ’ব৷ ভূটান সংলগ্ন অৰুণাচল প্রদেশৰ মেগ’ৰ পৰা এই পথটো আৰম্ভ হৈ ম্যানমাৰ সীমান্তৰ সমীপৰ বিজয়নগৰত সামৰণি পৰিব৷ মেগ’ৰ পৰা আৰম্ভ হৈ টাৱাং, আপাৰ সোৱণশিৰি, টুটিং, মেছুকা, আপাৰ চিয়াং, দেবাং ভেলী, ডেছালি, চাগলাগাম, কিবিথু, ডং হৈ বিজয়নগৰত সমাপ্ত হ’ব৷ অৰুণাচল প্রদেশৰ এল এ চি সংলগ্ণ এই বৃহত্তম আৰু কঠিনতম প্রকল্পৰ বাবে কেন্দ্রীয় চৰকাৰে ৪০ হাজাৰ কোটি টকা ব্যয় কৰিব৷ এই প্রকল্পত অৰুণাচল প্রদেশে তিনিটা ৰাষ্ট্রীয় ঘাইপথ লাভ কৰিব৷ ইয়াৰ ভিতৰত অৰুণাচল সীমান্ত ঘাইপথ, ট্রেন্স অৰুণাচল ঘাইপথ আৰু পূব–পশ্চিম ঔদ্যোগিক কৰিড’ৰ ঘাইপথ৷ সীমান্ত অঞ্চললৈ দ্রুতগতিত যান–বাহনৰ যাতায়াতৰ বাবে মূল ঘাইপথটো সংলগ্ন কৰিবলৈ ৬টা আন্তঃঘাইপথ কৰিড’ৰ নির্মাণ কৰা হ’ব৷ এই ঘাইপথকেইটাৰ দৈর্ঘ্য হ’ব ২,১৭৮ কিঃমিঃ৷ এই কিঃমিঃৰ ভিতৰত সংলগ্ন কৰিড’ৰ এটা হৈছে ঠেলামৰা–টাৱাং–নেলীয়্ ঘাইপথ৷ যাৰ দৈর্ঘ্য ৪০২ কিঃমিঃ৷ ইপিনে, ৩৯১ কিঃমিঃ দৈর্ঘ্যৰ ইটাখোলা–পাকে–কেচাং– ঘাইপথ, ২৮৫ কিঃমিঃ দৈর্ঘ্যৰ গোগামুখ–টালিহা–টাটে ঘাইপথ, ৩৯৮ কিঃমিঃ দৈর্ঘ্যৰ আকাজান–জৰগিং–পাং ঘাইপথ, ২৯৮ কিঃমিঃ দৈর্ঘ্যৰ পাছিঘাট–বিচিং ঘাইপথ আৰু ৪০৪ কিঃমিঃ দৈর্ঘ্যৰ কানুবাৰী–লংডিং ঘাইপথ৷ সূত্রত প্রকাশ পোৱা মতে অৰুণাচল সীমান্ত ঘাইপথটোৰে সামৰিক বাহিনীৰ জোৱানৰ লগতে যুদ্ধাস্ত্র কঢ়িয়াব পৰা বৃহৎ ক্ষমতাসম্পন্ন হ’ব৷ জোৱান আৰু সামগ্রী অনায়াসে এই পথটোৰে কঢ়িয়াব পৰা যাব৷ প্রয়োজন সাপেক্ষে এই ঘাইপথত অধিক সেনা মোতায়েন কৰাৰো ক্ষমতা থাকিব৷ উল্লেখ্য যে ২০১৪ চনত তদানীন্তন গৃহ ৰাজ্যিক মন্ত্রী কিৰেণ ৰিজিজুৱে এই বৃহত্তম আৰু কঠিনতম প্রকল্পটো আগবঢ়াইছিল৷ সেই চনতে গৃহ মন্ত্রালয়ে প্রকল্পটোৰ ওপৰত গুৰুত্ব দি কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রালয়ৰ বিতং প্রকল্প প্রতিবেদন দাখিল কৰিবলৈ নির্দেশ দিছিল৷ উক্ত সময়ত পৰিকল্পনা কৰা অৰুণাচল সীমান্ত ঘাইপথ সন্দর্ভত সেই সময়তে চীনে তীব্র আপত্তি দর্শাইছিল৷ সীমা বিবাদ সমাধান নোহোৱালৈকে নতুন দিল্লী তেনে প্রকল্প কার্যকৰী নকৰিবলৈ চীনে একপ্রকাৰ সকীয়নি দিছিল যদিও কেন্দ্রীয় চৰকাৰে সেই সকীয়নিক আওকাণ কৰি প্রকল্পটো আগবঢ়াই নিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছিল আৰু সম্প্রতি এই প্রকল্পটো নির্মাণৰ বাবে প্রস্তুতি সম্পূর্ণ কৰি তুলিছে৷ কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রালয়, ব’ডাৰ ৰোডছ অর্গেনাইজেচন আৰু কেইবাটাও সংস্থাৰ সমন্বয়ক এই প্রকল্পটো নির্মাণ কৰা হ’ব আৰু তাৰ বাবেই প্রস্তুতি আৰম্ভ হৈছে৷

You might also like