উত্তৰ প্রদেশ সীমান্তত নেপালৰ ৫ কয়েদীক গ্রেপ্তাৰ আৰক্ষীৰ
🔹 অশান্ত নেপালৰ পৰা ভাৰতত অনুপ্রৱেশৰ চেষ্টা
নিউজ ডেস্ক, ১১ ছেপ্টেম্বৰ : জেন জেডৰ বিক্ষোভত অশান্ত নেপালত কাৰাগাৰৰ পৰা পলায়ন কৰি ভাৰতীয় ভূমিত অনুপ্রৱেশৰ চেষ্টা চলোৱা ৫ কয়েদীক গ্রেপ্তাৰ কৰা হৈছে৷ উত্তৰ প্রদেশৰ সীমান্তত জে’লৰ পৰা পলাতক পাঁচ কয়দীক সশস্ত্র সীমাবল (এছএছবি)–এ গ্রেপ্তাৰ কৰি সোধাপোছা কৰি আছে৷
এছএছবিয়ে প্রকাশ কৰা মতে, কাৰাগাৰৰ পৰা পলায়ন কৰা কয়েদীয়ে ভাৰতত অনুপ্রৱেশৰ চেষ্টা চলাই আছে৷ কালি উত্তৰপ্রদেশৰ সিদ্ধার্থ নগৰ জিলাৰ সীমান্ত অতিক্রম কৰি ভাৰতীয় ভূমিত প্রৱেশ কৰিবলৈ চেষ্টা কৰোঁতেই পাঁচজনক গ্রেপ্তাৰ কৰা হৈছে৷ নেপালৰ ধৃত কয়েদীকেইজনক স্থানীয় আৰক্ষীৰ হাতত অর্পণ কৰা হৈছে৷ আৰক্ষীয়ে এই ধৃত কয়েদীকেইজনক লৈ তদন্ত অব্যাহত ৰাখিছে৷
মন কৰিবলগীয়া যে চুবুৰীয়া ৰাষ্ট্র নেপাল গণবিক্ষোভত অশান্ত হৈ উঠাৰ লগে লগে সীমান্তত পহৰা কটকটীয়া কৰাৰ লগতে নিৰীক্ষণো অধিক কৰি তোলা হৈছে৷