🔹 বন্যপ্রাণীৰ তাণ্ডৱৰ অভিযোগক গুৰুত্ব নিদিয়াক লৈ ক্ষোভ
নিউজ ডেস্ক, ১১ ছেপ্টেম্বৰ : প্রতিদিনেই বন্যপ্রাণীৰ তাণ্ডৱৰ সন্মুখীন হোৱা কর্ণাটকৰ এখন গাঁৱৰ বাসিন্দাই বন বিভাগক অভিযোগ দি কোনোধৰণৰ সদুত্তৰ নোপোৱাত ক্ষোভিত গাঁওবাসীয়ে অৱশেষত এনে ঘটনা সংঘটিত কৰিলে যি ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
ৰাজ্যখনৰ ব’মলাপুৰ গাঁৱত গাঁওবাসীয়ে ক্ষোভিত হৈ বন বিভাগৰ ৭ কর্মীক পিঞ্জৰাত বন্দী কৰি ৰাখিলে৷ গাঁওবাসীৰ অসহায় অৱস্থাক গুৰুত্ব নিদিয়া বান্দিপুৰ বাফাৰ জ’নৰ ৭ বনকর্মীয়ে বন্যপ্রাণীৰ অৱস্থিতি পৰিদর্শন কৰিবলৈ আহি গাঁওবাসীৰ ক্ষোভৰ সন্মুখীন হ’বলগীয়াত পৰে৷ বনকর্মীৰ অৱহেলা আৰু দায়িত্বহীনতাৰ বাবে ক্ষোভিত হৈ গাঁওবাসীয়ে পিঞ্জৰাত বন্দী কৰি ৰাখে৷
গাঁওবাসীৰ অভিযোগ মতে, বন্যপ্রাণীয়ে প্রতিদিনে তেওঁলোকৰ ঘৰৰ পৰাই পশুক আক্রমণ কৰি নিধন কৰি আহিছে৷ কেতিয়াবা কেতিয়াবা পশু লৈ গৈছে, ইয়াৰ পিছতো বন বিভাগে বন্যপ্রাণীটোক কৰায়ত্ত কিম্বা খেদি পঠিওৱাৰ বাবে কোনো ব্যৱস্থা গ্রহণ কৰা নাছিল৷ ক্ষোভিত গাঁওবাসীয়ে পিঞ্জৰাত বন্দী কৰি ৰখা বনকর্মীক পিছলৈ আৰক্ষীয়ে মুকলি কৰি নিয়ে৷