নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডায়মণ্ড লীগত দ্বিতীয় স্থান অর্জন নীৰজৰ

বিশেষ বাৰ্তা, ১৭ ছেপ্টেম্বৰ : ডায়মণ্ড লীগত দ্বিতীয় স্থানেৰে সামৰণি মাৰিলে ভাৰতীয় তাৰকা জেভেলিন থ্র’ৱাৰ নীৰজ চোপ্রাই৷ ফাইনেলত চেক গণৰাজ্যৰ জাকুব হাটলেছেৰ হাতত পৰাজিত হয় ভাৰতৰ স্বর্ণপুত্র ৷ উল্লেখ্য যে চলিত বর্ষত প্রথমবাৰৰ বাবে কোনো প্রতিযোগিতাত চেম্পিয়ন হ’ব নোৱাৰিলে নীৰজে৷ যোৱাবাৰ ডায়মণ্ড লীগত চেম্পিয়ন হোৱাৰ পিছত চলিত বছৰত অংশগ্রহণ কৰা আটাইবোৰ প্রতিযোগিতাতে তেওঁ চেম্পিয়ন হৈছিল৷ সেইবাবে সকলোৱে ধাৰণা কৰিছিল যে তেওঁ এইবাৰ ডায়মণ্ড লীগতো খিতাপ ধৰি ৰাখিবলৈ সক্ষম হ’ব৷ কিন্তু সেয়া সম্ভৱ নহ’ল৷ অৱশ্যে এইবাৰ প্রতিযোগিতাখনত পৰিৱেশৰ সৈতে খাপ খুৱাই লোৱা কঠিন আছিল৷ প্রচণ্ড বতাহৰ মাজতে অব্যাহত আছিল প্রতিযোগিতা৷ নীৰজে দুবাৰকৈ ফাউল কৰা দেখা যায়৷ সাধাৰণতে প্রথম নিক্ষেপতে তেওঁ শ্রেষ্ঠ সময় ধৰি ৰাখে৷ কিন্তু এইবাৰ দ্বিতীয় পদক্ষেপতহে সম্ভৱ হয়৷ তেওঁ ৮৩.৮০ মিটাৰ নিক্ষেপ কৰে যদিও তেওঁক অতিক্রম কৰি ৮৪.২৪ মিটাৰ নিক্ষেপ কৰে জাকুবে৷ এই বছৰ প্রথমবাৰৰ বাবে কোনো ইভেণ্টত ৮৫ মিটাৰৰ কম দূৰত্ব নিক্ষেপ কৰে নীৰজে৷ যোৱা বছৰ জুৰিখৰ ডায়মণ্ড লীগৰ ফাইনেলত তেওঁ ৮৮.৪৪ মিটাৰ নিক্ষেপ কৰি খিতাপ জয় কৰিছিল৷ কিন্তু এইবাৰ বিশ্ব চেম্পিয়নশ্বিপত ব্রঞ্জ জয় কৰা জাকুবে নীৰজক অতিক্রমি স্বর্ণ জয় কৰে৷

You might also like