নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিমাচলৰ দুর্গম পার্বত্য সীমান্তত ৰাফেলৰ ‘নাইট ফ্লায়িং’ অনুশীলন

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ লাডাখ সীমান্তত উত্তেজনা প্রশমিত কৰাৰ বাৰে বাৰে প্রতিশ্রুতি দিও তাক উলংঘা কৰি থকা বেইজিং প্রশাসনৰ আচৰণত ক্ষুব্ধ হৈ কালি ভাৰতীয় স্থলসেনাৰ মুৰব্বী জেনেৰেল মনোজ মুকুন্দ নাৰাৱানেই সেনাক চীনৰ বিৰুদ্ধে যিকোনো মুহূর্ততে এক পূর্ণাংগ যুদ্ধৰ বাবে সাজু হোৱাৰ নির্দেশ দিয়াৰ সময়তে কালি অত্যাধুনিক ৰাফেল বিমানে হিমাচল প্রদেশৰ দুর্গম পার্বত্য অঞ্চলত আৰম্ভ কৰিছে ‘নাইট ফ্লায়িং’ অনুশীলন৷ ফ্রান্সৰ পৰা দেশখনে ক্রয় কৰা অত্যাধুনিক ৰাফেল যুদ্ধবিমানৰ প্রথম বেটছৰ পাঁচোখন বিমানৰ এই ‘নাইট ফ্লায়িং’ প্রশিক্ষণ আৰম্ভ কৰিছে বায়ুসেনাৰ গ’ল্ডেন এৰ’জ স্কোৱাড্রনে৷ বায়ুসেনাৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যিকোনো যুদ্ধৰ বাবেই এই ৰাফেল বিমানকেইখন সম্পূর্ণৰূপে সাজু কৰি তোলা হৈছে৷ চীনৰে ভাৰতৰ লাডাখ ছেক্টৰত থকা ১,৫৯৭ কিলোমিটাৰ এলেকাৰ প্রকৃত নিয়ন্ত্রণ ৰেখাত যিকোনো সমৰ শক্তিক প্রত্যাহ্বান জনাবলৈ এই ৰাফেল বিমান সাজু বুলিও প্রতিৰক্ষা বিভাগৰ এক সূত্রই সংবাদ মাধ্যমক জনাইছে৷ যোৱা ২৯ জুলাইত আম্বালাস্থিত বায়ুসেনাৰ ঘাটিত আহি অৱতৰণ কৰিছিল অত্যাধুনিক এই ৫খন ৰাফেল যুদ্ধবিমানে৷ আম্বালাস্থিত বিমান ঘাটিত ১৮খন যুদ্ধবিমানৰ বাবে সাজু কৰি ৰখা হৈছে প্লেটফর্ম৷ ইয়াৰে ৫টাকৈ প্লেটফর্মত ইতিমধ্যে প্রথম বেটছৰ পাঁচখন ৰাফেল যুদ্ধবিমান ৰখা হৈছে৷ আন ১৩খন যুদ্ধবিমানৰ বাবেও সাজু হৈ আছে প্লেটফর্ম৷ ইফালে ভূটানৰ সৈতে থকা সীমান্তৰ সমীপত হাছিমাৰা বিমান ঘাটিত আন ১৮খন যুদ্ধবিমান মজুত কৰি তাৰ পৰাও ভাৰতে শত্রু ৰাষ্ট্রৰ আক্রমণৰ মোকাবিলা কৰাৰ সিদ্ধান্ত লৈছে৷

স্মর্তব্য যে ভাৰতে ফ্রান্সৰ ডাছাল্ট এভিয়েচনৰ সৈতে ৩৬খন ৰাফেল যুদ্ধবিমান ক্রয়ৰ চুক্তি স্বাক্ষৰ কৰিছিল৷ পর্যায়ক্রমে আন ৩১খন ৰাফেল যুদ্ধবিমান ভাৰতে ফ্রান্সৰ পৰা লাভ কৰিব৷ প্রতিৰক্ষা বিভাগৰ এগৰাকী জ্যেষ্ঠ বিষয়াৰ তথ্য অনুসৰি এল এ চিৰ সমীপত পিপলছ লিবাৰেচন আর্মীৰ (পি এল এ) ৰাডাৰক প্রত্যাহ্বান জনাই এই ৰাফেল বিমানে ভাৰত–চীনৰ মাজত সীমান্তৰ উত্তেজনা প্রশমিত কৰাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব৷ সামৰিক উৰণ বিশেষজ্ঞই উল্লেখ কৰা অনুসৰি লাডাখ ছেক্টৰত সকলো ধৰণৰ প্রশিক্ষণৰ ক্ষেত্রতো ৰাফেল যুদ্ধবিমান ব্যৱহাৰ কৰিব পৰা যাব৷ ইয়াৰ মূল কাৰণ হৈছে শত্রু পক্ষৰ সকলো আক্রমণৰ লক্ষ্যক অন্ধকাৰত ৰাখিব পাৰে ৰাফেল বিমানে ছিগনেল ফ্রিকুৱেঞ্চী সঘনে সলনি কৰি৷ আকছাইছিন অঞ্চলত পি এল এই বৈদ্যুতিক ইণ্টেলিজেঞ্চ ৰাডাৰ সংস্থাপন কৰি ৰাখিছে যদিও যুদ্ধকালীন সময়ত ৰাফেলে এই ৰাডাৰক অক্ষম কৰাৰ সম্ভাৱনা আছে৷ অৱশ্যে পি এল এৰ যুদ্ধবিমানৰ অৱস্থান নিশ্চিত কৰা ৰাডাৰ যথেষ্ট শক্তিশালী৷ কাৰণ মার্কিন বায়ুসেনাৰ বিমানৰ উৰণৰ অৱস্থান নিশ্চিত কৰাৰ লক্ষ্য লৈ এই ৰাডাৰবোৰ সংস্থাপন কৰা হৈছে৷ কিন্তু ৰাফেল যুদ্ধবিমান অত্যাধুনিক সংস্কৰণত আছে যুদ্ধকালীন সময়ত ছিগনেল ফ্রিকুৱেঞ্চী সঘনে সলনি কৰাৰ সক্ষমতা৷ গতিকে ৰাফেল যুদ্ধবিমানৰ দুর্গম পার্বত্য অঞ্চলত নাইট ফ্লায়িং অনুশীলনৰ সফলতাই ৰঙা চীনৰ সকলো কূটকৌশল ধ্বংস কৰিব বুলি আশা প্রকাশ কৰিছে বায়ুসেনাৰ গ’ল্ডেন এৰ’জ স্কোৱাড্রনে৷

ইফালে ৰাফেল যুদ্ধবিমানক সশস্ত্র কৰি ৰখা হৈছে মেটি’ৰ এম আই চিয়ে আৰু স্কাল্প ক্ষেপণাস্ত্রৰে৷ ইয়াৰ জৰিয়তে বিমানখনৰ পাইলটে আকাশমার্গত বা মাটিত লক্ষ্যবস্তুৰ ওপৰত আঘাত হনাৰ সুবিধা লাভ কৰিব৷ তিনিওবিধ ক্ষেপণাস্ত্রৰে কেৱল ৰাফেল যুদ্ধবিমানৰ বাবেই উপযুক্ত বুলিও এগৰাকী বিশেষজ্ঞই ইতিমধ্যে ঘোষণা কৰিছে৷ গতিকে হিমাচলত ৰাফেল যুদ্ধবিমানৰ নাইট ফ্লায়িং লাডাখ সীমান্তত ৰঙা চীনৰ বিৰুদ্ধে ভাৰতীয় বায়ুসেনাৰ এক যুদ্ধৰ দুন্দুভি হিচাপে চিহ্ণিত হৈছে৷

You might also like