নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অধিকাৰ বিচৰাৰ অপৰাধত কাৰাৱাসত থকা ৰাজকন্যাৰ মুক্তি

য’ত পোছাকৰ পৰা আৰম্ভ কৰি গাড়ী চলোৱাৰ অধিকাৰলৈ সকলোতে মহিলাক দমন কৰা হয়, সেই দেশৰ মাটিত থাকিয়ে মানৱাধিকাৰ তথা নাৰীৰ অধিকাৰৰ কথা কৈ আহিছে তেওঁ। গতিকে এদিন নহয় এদিন তেওঁ ৰাজপৰিয়ালৰ ৰোষত যে পৰিব সেয়া অৱধাৰিত আছিল। অধিকাৰ বিচৰাৰ অপৰাধতে ৰাজকন্যা হোৱা সত্ত্বেও ৰাজকুমাৰী বাচমা বিন্ট ছৌদ বিন আব্দুলাজিজ আল-চৌদে আন ৰাজনৈতিক বন্দীৰ সৈতে দীৰ্ঘ সময় কটাব লগীয়া হয় কাৰাগাৰত। এই ঘটনা ছৌদি আৰৱৰ। ২০১৯ চনৰ মাৰ্চত গ্ৰেপ্তাৰ হোৱা ৫৭ বছৰীয়া ৰাজকন্যাই প্ৰায় তিনি বছৰৰ মূৰত কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিছে। লগতে মুক্তি হৈছে তেওঁৰ জীয়ৰী ছৌহদ আল শ্বাৰিফৰ। ইয়াৰ অন্তৰালত আছে ছৌদি যুবৰাজ মহম্মদ বিন ছলমান। বাছমাৰ মুক্তিৰ খবৰ গ’ম পাই টুইট কৰিছে একাধিক মানবাধিকাৰ সংগঠনে।

You might also like