নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্তানক ভেকচিন দিয়াৰ পৰত মন কৰিবলগীয়া কেইটিমান কথা

ক্ৰমাৎ বাঢ়িছে কৰোনাৰ সংক্রমণৰ হাৰ। চৰকাৰৰ ঘোষণা অনুযায়ী এইবাৰ ১৫ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীক ক’ভিডৰ ভেকচিন দিয়া হৈছে। এই পৰিস্থিতিত ঘৰৰ কিশোৰ-কিশোৰীক সাৱধানে তথা সুস্থ কৰি ৰাখিবলৈ টিকাকৰণ অত্যন্ত জৰুৰী। প্রাপ্তবয়স্কৰ বহুতৰে ক্ষেত্রত ভেকচিন লোৱাৰ পাছত বিভিন্ন উপসর্গই দেখা দিছিল। সেইবোৰ মুঠেও উদ্বেগজনক নহয়। সন্তানক ভেকচিন দিয়াৰ সময়ত মনত ৰাখিবলগীয়া কেইটিমান কথা-

১) আপোনাৰ সন্তানৰ যদি এলার্জী জাতীয় কোনো সমস্যা আছে তেনে ক্ষেত্রত ভেকচিন দিয়াৰ আগতে চিকিৎসকৰ সৈতে কথা পাতিবলৈ মুঠেও নাপাহৰিব।

২) টিকা লোৱাৰ পাছত সাামান্য জ্বৰ, হাতৰ পেশীত বিষ, ডিঙি শুকাই যোৱা খুব সাধাৰণ উপসর্গ। ইয়াৰ পৰা বুজা যায় যে টিকাই কাম কৰিছে। গতিকে টিকা লোৱাৰ পাছত এই উপসর্গবোৰ দেখা দিলে একেবাৰেই ভয় নাখাব। সন্তানৰ মনতো অযথা আতংকৰ সৃষ্টি নকৰিব।

৩) ভেকচিন দিয়াৰ পাছত সামান্য জ্বৰ-চর্দি-কাহ ২-৩ দিন থাকে। তাতকৈ বেছি দিন এই উপসর্গবোৰ থাকিলে চিকিৎসকৰ কাষ চাপক।

৪) ভেকচিন দিয়াৰ পাছত সেই স্থানত বিষ হব পাৰে। তেনে ক্ষেত্রত ঠাণ্ডা পানী বা বৰফ দিব পাৰে। বিষ সোনকালে কমিব।

৫) ভেকচিন দিয়াৰ পাছত জ্বৰ হ’লে সন্তানক লগে লগে পেৰাছিটামল নিদিব। কেৱল পেৰাছিটামল বুলিয়ে নহয়, চিকিৎসকৰ সৈতে কথা নাপাতকৈ কোনো ঔষধেই সন্তানক নিদিব।

৬) ভেকচিন দিয়াৰ পাছত সন্তানক প্রচুৰ পানী খাবলৈ দিয়ক। পানীয়ে শৰীৰৰ ক্ষতিকাৰক বর্জনীয় বাহিৰ কৰি দিয়ে। শৰীৰৰ তাপমাত্রাও নিয়ন্ত্রণত ৰাখে পানীয়ে।

৭) টিকাৰ পৰৱর্তী উপসর্গ এৰিবলৈ পুষ্টিকৰ খাদ্য আৰু পর্যাপ্ত টোপনিৰ প্রয়োজন। সন্তানক সুষম আহাৰ খাবলৈ দিব আৰু পর্যাপ্ত টোপনিৰ কথা কওক।

You might also like