অভিনেতা, নাট্য সংগঠক, আজন্ম চিত্ৰ-ভাস্কৰ্য শিল্পী আদ্য শৰ্মাৰ সোঁৱৰণত অসম নাট্য সন্মিলনৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত আৰু নলবাৰী কলেজৰ সহযোগত “আদ্য শৰ্মা শিল্পী বঁটা” ২০২৫ বৰ্ষত প্ৰদান কৰা হ’ব চিত্ৰ ভাস্কৰ্য শিল্পী-কলা নিৰ্দেশক দিগন্ত মাধৱ গোস্বামীক। উল্লেখ্য যে শিল্পী দিগন্ত মাধৱ গোস্বামী এগৰাকী সু-অভিনেতা, ভাস্কৰ্য শিল্পী, সংগীত শিল্পীৰ লগতে সুদক্ষ বাদ্যযন্ত্ৰী ৰূপে বহুল সমাদৃত। প্ৰতিভাৱান শিল্পীগৰাকীয়ে তেওঁৰ চিত্ৰ-ভাস্কৰ্য শিল্পকলাৰ অনুষ্ঠান “পূৰ্ণ শিল্পম”ৰ’ জৰিয়তে শব্দ-সুৰ আৰু শিল্পকলাৰ ক্ষেত্ৰখনত অনবদ্য অৱদান যোগাই আহিছে। উল্লেখ্য যে এইগৰাকী শিল্পীয়েই অসমপ্ৰাণ জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিছত তেওঁৰ কৰকমল আৰু পদযুগলৰ চিহ্ন সংৰক্ষণ কৰিছিল।
উল্লেখযোগ্য যে শিল্পী দিগন্ত মাধৱ গোস্বামী সংবাদ জগতৰ সৈতেও জড়িত। প্ৰতিশ্ৰুতিসম্পন্ন শিল্পীগৰাকীক বঁটা প্ৰদানে শিল্পকলাৰ প্ৰতি উৎসৰ্গিত নৱপ্ৰজন্মৰ শিল্পীসকলক উৎসাহিত কৰিব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰে। অসম নাট্য সন্মিলনৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত আগন্তুক ১, ২ আৰু ৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া আদ্য শৰ্মা অসম ভিত্তিত নাট প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি অহা ২ নৱেম্বৰত নাট্য মন্দিৰ, নলবাৰীত “আদ্য শৰ্মা শিল্পী” বঁটা প্ৰদান কৰা হ’ব বুলি নাট্য সন্মিলনৰ নলবাৰী জিলা সমিতিৰ সভাপতি দিলজিৎ বৰ্মন আৰু সাধাৰণ সম্পাদক বুবুল নায়কে জনাইছে।
বিশেষ বাৰ্তা, ২৪ অক্টোবৰ :