নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্রৰ ব্যাঘ্র উদ্যানত প্রেমৰ আশ্চর্যকৰ কাহিনী

বিশেষ বাৰ্তা, ২৮ নৱেম্বৰ : বয়স বৃদ্ধি পালেও অধিকাৰ এৰিবলৈ ৰাজী নহয় বৃদ্ধ ৰজা৷ বহু ক্ষেত্রত নবীনৰ হাতত নিহত হয় প্রবীণ৷ পৃথিৱীৰ ইতিহাসত এনে ঘটনা প্রচুৰ৷ মানৱ ইতিহাসত এনে নজিৰ বহু আছে৷ বন্যপ্রাণীবোৰৰ ক্ষেত্রতো এয়া ব্যতিক্রম নহয়৷ বিশেষকৈ অঞ্চলৰ নিয়ন্ত্রণ আৰু পোৱালিৰ ক্ষেত্রত বিশেষ সংবেদনশীল বন্যপ্রাণীবোৰ৷ বাঘো ব্যতিক্রম নহয়৷ কিন্তু মহাৰাষ্ট্রৰ টাডোবা–আন্ধেৰী ব্যাঘ্র সংৰক্ষণ প্রকল্পত ইয়াৰ ব্যতিক্রম দেখিবলৈ পোৱা গৈছে৷ তিনি বছৰীয়া বিজলী নামৰ বাঘটোৱে মাকৰ সৰু পোৱালি তাৰাক ডাঙৰ কৰি তুলিছে৷ এই তাৰা আৰু মায়া নামৰ এটা বাঘে নিজৰ মাজতে শান্তিপূর্ণভাৱে অঞ্চল ভাগ কৰি লৈছে৷ সাধাৰণতে ভিন্ন মাতৃৰ পোৱালি বাঘৰ মাজত ৰক্তক্ষয়ী সংঘর্ষৰ সৃষ্টি হয়৷ কিন্তু মায়া আৰু তাৰাই বাঘ সমাজৰ প্রথা ভাঙি যৌথভাৱে শান্তিৰে বাস কৰিছে৷ এয়া চর্চাৰ বিষয় হৈ পৰিছে মহাৰাষ্ট্রত৷

You might also like