নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিয়াৰ মাজতে দৰাৰ গুলীত কইনাসহ নিহত ৪জন

বিশেষ বাৰ্তা, ২৮ নৱেম্বৰ : থাইলেণ্ডৰ এক বিবাহ অনুষ্ঠানত দৰাই কইনাকে ধৰি চাৰিগৰাকী লোকক গুলীয়াই হত্যা কৰা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ এটা পিষ্টলেৰে দৰাই কইনা, কইনাৰ মাতৃ, জ্যেষ্ঠ ভগ্ণী আৰু এগৰাকী অতিথিক গুলীয়াই হত্যা কৰে৷ ইয়াৰ পিছত নিজেও গুলীচালনা কৰি চৰম পথ বাছি লয় দৰাই৷ সংবাদ সংস্থা বি বি চিৰ প্রতিবেদন অনুসৰি দেশখনৰ উত্তৰ–পূব প্রান্তৰ প্রদেশ নাখ’ন ৰাটচাছিমা প্রদেশৰ ৱাং নাম খিও জিলাৰ এখন গাঁৱত এই ঘটনা সংঘটিত হৈছে৷ ২৯ বছৰীয়া দৰা চাটুৰং ছাকছাক এজন প্রাক্তন সৈনিক আছিল৷ উল্লেখনীয় যে বিবাহ অনুষ্ঠান আৰম্ভ হোৱাৰ সময়তে দৰাই পিষ্টল উলিয়াই নির্বিচাৰভাৱে গুলীচালনা কৰে৷

You might also like