নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রসংঘৰ মহাকাশ দপ্তৰৰ মুৰব্বী  ভাৰতীয় মূলৰ আৰতি

বিশেষ বাৰ্তা, ২৮ জুনঃ ভাৰতীয় বংশোদ্ভৱ উপগ্রহ বিশেষজ্ঞ আৰতি হোল্লা মাইনিক ৰাষ্ট্রসংঘৰ মহাকাশ বিষয়ক দপ্তৰৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে৷ বিশ্বৰ সর্বোচ্চ সংস্তাটোৰ মুৰব্বী এণ্টোনি গুটেৰেছে আৰতি হোল্লা মাইনিক এই গুৰুত্বপূর্ণ পদত নিযুক্তি দিছে৷ অষ্ট্রিয়াৰ ভিয়েনাত আছে ‘ইউনাইটেড নেচনছ অফিচ ফৰ আউটাৰ স্পেচ এফেয়ার্ছ’ (ইউএনঅ’অ’এছএ)ৰ দপ্তৰ৷ শান্তিপূর্ণ পথেৰে আন্তর্জাতিক ক্ষেত্রত পাৰস্পৰিক সহযোগিতাৰ ভিত্তিত মহাকাশ গৱেষণা আৰু সুস্থিৰ সামাজিক তথা অর্থনৈতিক উন্নয়নৰ লক্ষ্যত মহাকাশ বিজ্ঞান–প্রযুক্তি ব্যৱহাৰৰ পথ সুগম কৰাই এই সংস্থাৰ মূল লক্ষ্য ৷ সংস্থাটোৰ পূর্বৰ সঞ্চালক আছিল ইটালীৰ ছিমোনেট্টা ডি পিপ্প’ ৷ ২৫ বছৰৰ অভিজ্ঞতা লৈ এইবাৰ সংস্থাটোৰ মুৰব্বীৰ দায়িত্ব পালন কৰিবলৈ আগবাঢ়িছে ভাৰতীয় বংশোদ্ভৱ ব্রিটিছ নাগৰিক আৰতি ৷ ইংৰাজীৰ উপৰি ফৰাচী, জার্মান আদি কেইবাটাও ভাষাত দখল থকা আৰতিয়ে ইণ্টাৰনেচনেল স্পেছ ইউনিভাৰ্ছিটীত অধ্যয়ন কৰিছিল৷

You might also like