নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্ধান ওলাল ৮ বছৰ পূর্বে হেৰুওৱা এন–৩২ বিমানৰ !

🔹 সমুদ্রতলিত পৰি আছে ধ্বংসাৱশেষ

বিশেষ বাৰ্তা, ১৪ জানুৱাৰী : ২০১৬ চনৰ ২২ জুলাই৷ সেইদিনাখন পুৱাৰ ভাগতে চেন্নাইৰ টাম্বাৰান বিমানবন্দৰৰ পৰা উৰা মাৰিছিল বায়ুসেনাৰ এন–৩২ বিমানখনে৷ কিন্তু উৰা মৰাৰ পিছতে সন্ধানহীন হয় বিমানখন৷ সুদীর্ঘ ৮ বছৰ পিছত সম্ভৱতঃ সন্ধান পোৱা গৈছে বিমানখনৰ! চেন্নাইৰ সমুদ্র গর্ভত সন্ধান পোৱা গৈছে এখন বিমানৰ ধ্বংসাৱশেষৰ৷ ধাৰণা কৰা হৈছে এই ধ্বংসাৱশেষ এন–৩২ বিমানখনৰ৷ বায়ুসেনাৰ বিমানখনে উৰা মৰাৰ পিছত ১১.৪৫ বজাত গন্তব্য স্থানত অৱতৰণ কৰাৰ কথা আছিল৷ বিমানখনত আছিল ২৯গৰাকী সেনাকর্মী আৰু ৮গৰাকী সাধাৰণ নাগৰিক৷ আকাশত উৰাৰ ১৬ মিনিট পিছত পাইলটে সকলো ঠিকে থকা বুলি কৈছিল যদিও তাৰ পিছত বিমানখনৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে৷ ইয়াৰ পিছতে আৰম্ভ হয় উদ্ধাৰ অভিযান৷ কিন্তু কেইবামাহো অভিযান চলায়ো বিমানখনৰ সন্ধান নাপালে বায়ুসেনাই৷ শেহতীয়াকৈ বিমানখনৰ সন্ধান পোৱা বুলি ধাৰণা কৰিছে বায়ুসেনাই৷ সমুদ্র গর্ভৰ ৩,৪০০ মিটাৰ গভীৰত ‘ছোনাৰ’ প্রযুক্তিৰ সহায়ত এখন বিমানৰ ধ্বংসাৱশেষৰ সন্ধান পোৱা গৈছে৷ ধাৰণা কৰা হৈছে এইখন এন–৩২ বিমানৰ ধ্বংসাৱশেষ৷ কাৰণ যি স্থানত বিমানখনৰ ধ্বংসাৱশেষ পোৱা গৈছে, সেই স্থানত পূর্বে কোনো অন্য বিমান দুর্ঘটনাত পতিত হোৱা নাছিল৷ গতিকে এয়া বায়ুসেনাৰ সন্ধানহীন বিমান বুলি ধাৰণা কৰা হৈছে৷ অৱশ্যে এই সন্দর্ভত এতিয়াও নিশ্চিত তথ্য দিব পৰা নাই ‘ছোনাৰ’ প্রযুক্তি ব্যৱহাৰ কৰি বিমানৰ ধ্বংসাৱশেষৰ সন্ধান কৰা বিশেষজ্ঞসকলে৷

You might also like