নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছচিঅ’ৰ বৈঠকত পাকক কঠোৰ সমালোচনা ভেংকায়া নাইডুৰ

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ ছাংহাই সহযোগিতা সংস্থা (এছ চি অ’)ৰ ভার্চুৱেল পৰিষদীয় বৈঠকত আজি ভাৰতে পাকিস্তানৰ বিৰুদ্ধে পুনৰ ক্ষুৰধাৰ মন্তব্য আগবঢ়াইছে৷ উপ–ৰাষ্ট্রপতি এম ভেংকায়া নাইডুৱে  এই ভার্চুৱেল বৈঠকত অধ্যক্ষতা কৰি পাকিস্তানে সন্ত্রাসবাদক দেশখনৰ ৰাষ্ট্রীয় নীতি হিচাপে গ্রহণ কৰা বুলি অভিযোগ কৰে৷

সন্ত্রাসবাদৰ এই নীতি পাকিস্তানে গ্রহণ কৰি সমগ্র দক্ষিণ এছিয়াত অশান্তি সৃষ্টি কৰা বুলি অভিযোগ কৰি নাইডুৱে কয় যে সন্ত্রাসবাদ প্রতিৰোধ কৰাৰ বাবে সর্বাত্মক প্রচেষ্টাৰ প্রয়োজন৷ ক’ভিড–১৯ৰ মহামাৰীৰ সময়ত অর্থনৈতিক পুনৰ উদ্ধাৰৰ প্রক্রিয়াত সকলোৱে গুৰুত্ব আৰোপ কৰিব লাগে বুলিও উপ–ৰাষ্ট্রপতিগৰাকী মন্তব্য কৰে৷

প্রসংগক্রমে চীনৰ বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ (বি আৰ আই)ৰ বিষয়টোও উল্লেখ কৰে নাইডুৱে৷ দীর্ঘদিন ধৰি এছ চি অ’ৰ বৈঠকত ভাৰতে পাকিস্তানৰ সন্ত্রাসবাদক সমর্থন জনোৱা নীতিৰ বিৰুদ্ধে বিষোদগাৰ প্রকাশ কৰি আহিছে যদিও পাকিস্তান এইক্ষেত্রত নীৰৱ হৈ আছে৷

You might also like