নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছলমানৰ ফার্ম হাউছত প্রৱেশৰ চেষ্টা ২ দুর্বৃত্তৰ

🔹 মুম্বাই আৰক্ষীৰ তৎপৰতাত গ্রেপ্তাৰ

বিশেষ বাৰ্তা, ৯ জানুৱাৰী : যোৱা বছৰ একাধিকবাৰ প্রাণনাশৰ ভাবুকি আহিছিল বলীউডৰ তাৰকা ছলমান খানলৈ৷ ফোন আৰু ই–মেইলত ভাবুকি অহাৰ পিছত এইবাৰ নৱবর্ষৰ আৰম্ভণিতে ছলমান খানৰ ফার্ম হাউছত প্রৱেশৰ চেষ্টা চলায় দুই দুষ্কৃতিকাৰীয়ে৷ মুম্বাই আৰক্ষীৰ তৎপৰতাত এই দুই দুর্বৃত্তক কৰায়ত্ত হৈছে৷ উল্লেখনীয় যে ছলমানৰ অনুৰাগী বুলি পৰিচয় দি ফার্ম হাউছত প্রৱেশৰ চেষ্টা চলাইছিল দুর্বৃত্ত দুটাই৷ নিজৰ পৰিচয় দিছিল ভুৱা নামেৰে৷ যোৱা ৪ জানুৱাৰীত মুম্বাইৰ সমীপৱর্তী পানভেলস্থিত ছলমানৰ ফার্ম হাউছত সংঘটিত হয় এই ঘটনা৷ অজেশ কুমাৰ আৰু গুৰসেৱক সিং নামৰ দুই দুর্বৃত্তই ভুৱা পৰিচয় দি ছলমানৰ ফার্ম হাউছত কিয় প্রৱেশ কৰাৰ চেষ্টা চলাইছিল, তাক লৈ সৃষ্টি হৈছে সন্দেহ৷ কাৰণ ফার্ম হাউছৰ কাঁটা তাঁৰৰ বেৰ কাটি ভিতৰত প্রৱেশৰ চেষ্টা চলাইছিল দুই অভিযুক্তই৷

You might also like