নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ ওপৰত অতিৰিক্ত ১০০ শতাংশ শুল্ক আৰোপ আমেৰিকাৰ, হঠাৎ জিনপিঙৰ কার্যত ক্ষুব্ধ ট্রাম্প

নিউজ ডেস্ক, ১২ অক্টোবৰ : সমালোচনা আৰু প্রতিক্রিয়াক আওকাণেৰে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে শুল্কবোমা অব্যাহত ৰাখিছে৷ বিশ্বৰ সর্বশক্তিমান ৰাষ্ট্র আমেৰিকা যুক্তৰাষ্ট্রৰ দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্রপতি হৈ ড’নাল্ড ট্রাম্পে শুল্কবোমাৰে বিশ্বৰ দেশসমূহক ত্রাসিত কৰি ৰাখিছে৷

হঠাতে চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙৰ ওপৰত ক্ষুব্ধ হৈ মার্কিন ৰাষ্ট্রপতি ট্রাম্পে দেশখনৰ বিৰুদ্ধে অতিৰিক্ত এশ শতাংশ শুল্ক আৰোপ কৰিলে৷ ৰাষ্ট্রপতি ট্রাম্পে আৰোপ কৰা এই অতিৰিক্ত এশ শতাংশ শুল্ক অহা ১ নৱেম্বৰৰ পৰা বলৱৎ হ’ব৷ ট্রাম্পৰ অতিৰিক্ত এশ শতাংশ শুল্ক আৰোপ কৰাৰ পাছত চীনৰ বিৰুদ্ধে আমেৰিকাৰ শুল্কৰ হাৰ হ’ব ১৪০ শতাংশ৷ ১ নৱেম্বৰৰ পৰা এই নতুন শুল্ক বলৱৎ হ’ব বুলি ঘোষণা কৰা হৈছে যদিও তাৰিখ আগুৱাই আহিবও পাৰে৷

হোৱাইট হাউছে প্রকাশ কৰা মতে, যদি চীনে আমেৰিকাৰ ওপৰত কোনো আক্রমণাত্মক পদক্ষেপ গ্ৰহণ কৰিব বিচাৰে তেতিয়াহ’লে অক্টোবৰৰ পৰাই এই নতুন শুল্ক বলৱৎ কৰা হ’ব৷ বিৰল খনিজ পদার্থ ৰপ্তানিৰ ওপৰত চীনে নিজৰ নিয়ন্ত্রণ ৰাখিবলৈ চেষ্টা কৰাৰ পৰিপ্রেক্ষিততে হঠাতে চীনৰ ৰাষ্ট্রপতি জিনপিঙৰ ওপৰত ক্ষুব্ধ হৈ ট্রাম্পে এই সিদ্ধান্ত গ্রহণ কৰে৷

ছ’চিয়েল মিডিয়া ট্রুথত ৰাষ্ট্রপতি ট্রাম্পে কয়– চীনৰ এই পদক্ষেপে সমগ্র বিশ্বত প্রভাৱ পেলাব৷ সেই কাৰণে আন্তর্জাতিক বাণিজ্যত চীনৰ দাদাগিৰি খর্ব কৰিবলৈ আমেৰিকাই দীর্ঘকালীন পৰিকল্পনাৰ অংশ হিচাপে এই পদক্ষেপ গ্রহণ কৰিছে৷

উল্লেখ্য যে যোৱা আগষ্ট মাহত ৰাষ্ট্রপতি ট্রাম্পে চীনৰ বিৰুদ্ধে আৰোপ কৰা শুল্ক ৯০ দিনৰ বাবে আৰোপ নকৰে বুলি ঘোষণা কৰিছিল৷ কিন্তু ১০ নৱেম্বৰৰ নিশা ১২.০১ বজাতে ট্রাম্পে সিদ্ধান্ত সলাই চীনৰ ওপৰত অতিৰিক্ত ১০০ শতাংশ শুল্ক আৰোপ কৰি মুঠ শুল্ক ১৪০ শতাংশলৈ বৃদ্ধি কৰিলে৷

You might also like