নিশাৰ অন্ধকাৰত পাকিস্তানত আক্ৰমণ তালিবানৰ, নিহত ১২ পাক জোৱান
নিউজ ডেস্ক, ১২ অক্টোবৰ : নিশাৰ অন্ধকাৰত তালিবান নিয়ন্ত্ৰিত আফগান সেনাই আক্ৰমণ চলালে পাকিস্তানত। এই ঘটনাত ১২জন পাক সেনা জোৱানে প্ৰাণ হেৰুওৱা বুলি দাবী কৰা হৈছে। শেহতীয়াকৈ কাবুল আক্ৰমণৰ প্ৰতিশোধ ল’লে তালিবানে! আফগানিস্তানৰ তালিবান চৰকাৰৰ বিদেশ মন্ত্ৰী আমিৰ খান মুত্তাকী ভাৰত ভ্ৰমণত থকা অৱস্থাতে এই সংঘাতত লিপ্ত হয় দুয়োখন প্ৰতিবেশী দেশ।
শনিবাৰে নিশা পাকিস্তান সীমান্তত ভয়াৱহ আক্ৰমণ চলায় তালিবান নিয়ন্ত্ৰিত আফগান সেনাই। কেৱল সেয়াই নহয়, ডুৰাণ্ড ৰেখাৰ কুনাৰ আৰু হেলমান্দ প্ৰদেশৰ কিছুমান অংশত থকা পাক সেনাৰ আউটপোষ্টবোৰো তেওঁলোকে দখল কৰিছে বুলিও আফগান প্ৰতিৰক্ষা মন্ত্ৰালয়ে দাবী কৰিছে। আফগান সেনাই এক বিবৃতিত কয় — কাবুলত পাকিস্তানে যি বিমান আক্ৰমণ কৰিছিল, তাৰ প্ৰতিশোধ স্বৰূপে পাকিস্তানৰ বিভিন্ন সীমান্ত অঞ্চলত এই আক্ৰমণ চলোৱা হৈছে। আফগান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ এনায়েতুল্লাহ খোৱাৰাজমীয়ে কয় — “আকাশী সীমা উলংঘন কৰি পাকিস্তানে যি আক্ৰমণ কৰিছিল, তাৰ প্ৰতিশোধ স্বৰূপেই এই অভিযান চলোৱা হৈছে। আফগানিস্তানৰ ভূমিত পুনৰ আক্ৰমণ হ’লে, ইয়াতকৈও কঠোৰ প্ৰত্যুত্তৰ দিবলৈ আমি সাজু।”
উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে নিশা একাধিক বিস্ফোৰণত কঁপি উঠিছিল আফগানিস্তানৰ ৰাজধানী কাবুল। জংগী দমনৰ নামত পাকিস্তানে প্ৰতিবেশী দেশখনত চলাইছিল এই আক্ৰমণ। সংবাদ মাধ্যমৰ একাংশৰ দাবী অনুসৰি, তেহৰিক-ই-তালিবান পাকিস্তান (TTP) নেতা নুৰ ৱালি মাছুদক হত্যা কৰিবলৈ এই বিমান আক্ৰমণ কৰিছিল পাকিস্তানে। বিশেষজ্ঞৰ মতে — দুয়োখন দেশৰ এই সংঘাত যদি অব্যাহত থাকে, তেনেহ’লে অনাগত দিনত ই এক পূৰ্ণাংগ যুদ্ধত পৰিণত হোৱাৰ সম্ভাৱনা আছে।