নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঞ্চত বাগৰি পৰিল মার্কিন ৰাষ্ট্রপতি বাইডেন

🔹 ক’লোৰাডোত বায়ুসেনা একাডেমীৰ স্নাতক সমাৰোহত অঘটন

নিয়মীয়া বাৰ্তা, ৩ জুনঃ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি জ’ বাইডেনে ক’লোৰাডোৰ বায়ুসেনা একাডেমীৰ স্নাতক সমাৰোহৰ মঞ্চত বাগৰি পৰাক লৈ ব্যাপক চর্চাৰ সৃষ্টি হৈছে৷ ক’লোৰাডোত বায়ুসেনাৰ স্নাতকক অভিনন্দন জনোৱাৰ পিছতে মঞ্চতে বাগৰি পৰে ৰাষ্ট্রপতি বাইডেন৷ এই তাৎক্ষণিক অঘটনটোত মঞ্চত থকা নিৰাপত্তা বিষয়াসকলো হতভম্ব হৈ পৰে যদিও ততালিকে পৰি থকা বাইডেনক দাঙি ধৰে৷ ৰাষ্ট্রপতি বাইডেনে কিছু অস্বস্তিত পৰে যদিও হাঁহিমুখেৰে ওচৰতে থকা আসনত বহে৷ আমেৰিকাৰ সবাতোকৈ বয়োজ্যেষ্ঠ ৮০ বছৰীয়া ৰাষ্ট্রপতি বাইডেনে স্নাতকক ছেলুট আৰু কৰমর্দন কৰি উঠাৰ পিছতে এই অঘটন ঘটে৷ ছ’চিয়েল মিডিয়াত বাইডেনৰ এই দৃশ্য ভাইৰেল হৈ পৰিছে৷ অনুষ্ঠান সামৰাৰ পিছত ৰাষ্ট্রপতি বাইডেনে হাঁহিমুখে জগিং কৰি তেওঁৰ বাহনত উঠে৷ হোৱাইট হাউছৰ বিবৃতিত প্রকাশ পোৱা মতে, কৰমর্দনৰ সময়ত মঞ্চত ছেণ্ডবেগ থকাৰ বাবেই ৰাষ্ট্রপতিগৰাকী বাগৰি পৰে৷ বাগৰি পৰিলেও তেওঁৰ স্বাস্থ্যৰ কোনো ক্ষতি হোৱা নাই৷ ২০২৪ চনৰ ৰাষ্ট্রপতি নির্বাচনক লৈ প্রস্তুতি চলি থকাৰ সময়ত বাইডেনৰ এই ঘটনাৰ পিছত তেওঁৰ স্বাস্থ্যক লৈ চর্চা চলিছে৷

You might also like