নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অশান্ত মণিপুৰৰ ৫ জিলাত সান্ধ্য আইন প্রত্যাহাৰ 

🔹 চাৰিদিনীয়া ভ্রমণ সামৰিলে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে

🔹 পৰিস্থিতি স্বাভাৱিক হোৱাৰ দিশে

নিয়মীয়া বাৰ্তা, ৩ জুনঃ গোষ্ঠীগত সংঘর্ষত অশান্ত মণিপুৰ স্বাভাৱিক হোৱাৰ দিশত৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৰাজ্যখনত চাৰি দিন ধৰি গোষ্ঠীগত সংঘর্ষৰ কাৰকসমূহ পর্যালোচনা কৰি বিদ্রোহী কুকি সম্প্রদায়ৰ লগতে মেইটেই সম্প্রদায়ৰ প্রতিনিধিৰ সৈতে আলোচনাত শান্তিৰ বাবে প্রতিটো পক্ষক পদক্ষেপ গ্রহণ কৰিবলৈ আহ্বান জনায়৷ এই চাৰিদিনীয়া ভ্রমণত গোষ্ঠীগত সংঘর্ষক লৈ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্রাপ্ত ন্যায়াধীশৰ দ্বাৰা চিবিআইৰ বিশেষ দলৰ তদন্ত ঘোষণাৰ লগতে অস্ত্র লুণ্ঠনকাৰী সংঘর্ষকাৰীক সকীয়নি দিয়ে৷ কেন্দ্রীয় মন্ত্রীগৰাকীয়ে ৰাজ্যখনৰ ভ্রমণ সামৰি দিল্লীলৈ উভতি যোৱাৰ পিছতেই মণিপুৰৰ পাঁচখন জিলাত সান্ধ্য আইন প্রত্যাহাৰ কৰা হৈছে৷ তেনেদৰে বাকী জিলাসমূহতো সান্ধ্য আইনৰ সময়সীমা শিথিল কৰা হৈছে৷ ইপিনে, গৃহমন্ত্রী শ্বাহৰ সকীয়নিৰ পিছতেই আৰক্ষীৰ পৰা লুটি নিয়া  ১৪০ অস্ত্র সমর্পণ কৰে৷ যোৱা ৩ মে’ত আৰম্ভ হোৱা গোষ্ঠীগত সংঘর্ষৰ সময়ত বিদ্রোহী তথা সংঘর্ষকাৰীয়ে আৰক্ষীৰ পৰা ২,০০০তকৈ অধিক অস্ত্র লুটি নিছিল৷ এই অস্ত্রসমূহৰ ভিতৰত একে–৪৭, ইনছাছ ৰায়ফল, গ্রেনেড লান্সাৰ আদি আছে৷

You might also like