নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাটাৰ বিশ্বকাপ ফুটবলত ইংলেণ্ডৰ ফুটবলাৰৰ পত্নী–প্রেমিকাৰ বাবে প্রমোদতৰী

বিশেষ বাৰ্তা, ৬ নৱেম্বৰঃ কাটাৰত ২০ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ফুটবল বিশ্বকাপ৷ ইতিমধ্যে ফুটবল জ্বৰত আক্রান্ত হৈছে সমগ্র বিশ্ব৷ ফুটবলাৰসকলক উৎসাহ দিবলৈ কাটাৰলৈ যাব তেওঁলোকৰ পত্নী আৰু প্রেমিকাসকলো৷ ব্যতিক্রম নহ’ব ইংলেণ্ডৰ ফুটবলাৰসকলৰ সংগীসকলো৷ অৱশ্যে তেওঁলোকৰ বাবে থাকিব বিলাসবহুল ব্যৱস্থা৷ কিন্তু পত্নীসকল থাকিব নোৱাৰিব ফুটবলাৰসকলৰ সৈতে হোটেলত৷ তেওঁলোকৰ বাবে থাকিব প্রাসাদোপম প্রমোদতৰী৷ সাগৰৰ বুকুত ওপঙি থকা এই প্রমোদতৰী তথা জাহাজত থাকিব বিনোদনৰ সকলো ধৰণৰ অত্যাধুনিক সুবিধা৷ এই প্রমোদতৰীৰ নাম ‘এমএছচি ৱর্ল্ড ইউৰোপা’৷ এই জাহাজৰ এক বৃহৎ মুকলি অংশত বিশ্বকাপ চলি থকা নিশা কটাব ফুটবলাৰসকলৰ পত্নী আৰু প্রেমিকাই৷ এই বিশাল জাহাজৰ দাম প্রায় ৯৩২৬ কোটি টকা৷ যাৰ নাম দিয়া হৈছে ‘ভাসমান প্রাসাদ’৷ ইংলেণ্ডৰ ফুটবলাৰসকলৰ পত্নী আৰু প্রেমিকাসকলে যাতে তেওঁলোক জাহাজত থকা বুলি অনুভৱ নকৰে তাৰ বাবে পার্লাৰ, বুটিক, ৰেস্তোৰাঁ, বজাৰ আদিও তাত থাকিব৷ কাটাৰত মদ্যপান কৰা নিষিদ্ধ যদিও এই প্রমোদতৰীত নিশ্চিন্ত মনেৰে ইংলেণ্ডৰ তাৰকাসকলৰ পত্নী আৰু প্রেয়সীয়ে ইচ্ছানুযায়ী মদ্যপান কৰিব পাৰিব৷ কেৱল পত্নী আৰু প্রেয়সীয়ে নহয়, তেওঁলোকৰ সন্তান আৰু পৰিয়ালৰ অন্য সদস্যসকলেও ইচ্ছা কৰিলে তাত থাকিব পাৰিব৷ বিশেষকৈ শিশুসকলৰ বাবেও একাধিক মনোৰঞ্জনৰ ব্যৱস্থা থাকিব৷ শিশুসকলৰ বাবে তাত আছে বাস্কেটবল, বাম্পাৰ কাৰ, ৰোলাৰ ডিস্ক’, ৰিংক৷ প্রমোদতৰীত এটি কেবিনত দুখন বিচনা আৰু বাংকৰ ব্যৱস্থা থাকিব৷ তাত চাৰিজন লোকে ভালদৰে শুব পাৰিব৷ এই কেবিনত ন্যুনতম চাৰিটা নিশা কটাবলৈ হ’লে প্রতিটো নিশাৰ বাবে ৪৫৩২৩ টকাকৈ ব্যয় হ’ব৷ তাৰ বিলাসবহুল কেবিনত থাকিবলৈ ব্যয় কৰিব লাগিব ২৫–৩৫ হাজাৰ টকা৷ আনহাতে কোনোবাই চ্যুটত থাকিব বিচাৰিলে প্রতিনিশা ব্যয় হ’ব ১,৭৭,১৯০ টকা৷ ইংলেণ্ডৰ ফুটবলাৰসকল থাকিব ড’হাৰ ওচৰৰ ‘ছুক আল ৱাকৰা’ হোটেলত৷ তাত দলৰ প্রশিক্ষক আৰু কর্মীসকলো থাকিব৷ সংবাদ মাধ্যমৰ খবৰ অনুসৰি কাটাৰত থকাৰ ব্যৱস্থা পর্যবেক্ষণ কৰিবলৈ ইতিমধ্যে তালৈ গৈছে ইংলেণ্ডৰ ফুটবলাৰ হেৰী কেনৰ পত্নী কেটি গুডলেণ্ড৷ কাটাৰৰ ৰাজধানী ড’হাত থাকিব এই প্রমোদতৰী৷ ইংলেণ্ডৰ অধিকাংশ ফুটবলাৰৰ পত্নী আৰু প্রেমিকা তাত থাকিব৷

You might also like