নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তামিলনাডুত নৱম–দশম–একাদশ শিক্ষার্থীক উত্তীর্ণ ঘোষণা

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ তামিলনাডুত চলিত বর্ষত নৱম–দশম আৰু একাদশ শ্রেণীৰ শিক্ষার্থীসকলে এইবাৰ কোনোধৰণৰ চূড়ান্ত পৰীক্ষাত অৱতীর্ণ হ’ব নালাগে৷ ৰাজ্যখনৰ মুখ্যমন্ত্রী এড়াপাড্ডি পালানিস্বামীয়ে ঘোষণা কৰিছে এই কথা৷ সাধাৰণতে ৰাজ্যখনত ব’ডৰ পৰীক্ষাবোৰ মার্চ মাহত অনুষ্ঠিত কৰা হয়৷ কিন্তু এইবাৰ মহামাৰীৰ বাবে এপ্রিল মাহলৈ পিছুৱাই দিয়া হৈছে ব’ৰ্ডৰ পৰীক্ষা৷

নৱম–দশম আৰু একাদশ শ্রেণীৰ শিক্ষার্থীসকলক চলিত বর্ষত পৰীক্ষা অবিহনেই উত্তীর্ণ হোৱা বুলি ঘোষণা কৰিছে মুখ্যমন্ত্রীগৰাকীয়ে৷ ক’ভিড–১৯ মহামাৰীয়ে সৃষ্টি কৰা অভূতপূর্ব পৰিস্থিতিৰ বাবেই সকলো শিক্ষার্থীকে পৰীক্ষাত উত্তীর্ণ হোৱা বুলি ঘোষণা কৰিছে মুখ্যমন্ত্রীগৰাকীয়ে৷ এই বিষয়টোক লৈ এতিয়া ৰাজ্যখনৰ সংবাদ মাধ্যমত চলিছে সৰৱ চর্চা৷

You might also like