নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনাবৃষ্টিৰ কবলত ইউৰোপঃ অভাৱনীয় হাৰত গলিছে আল্পছৰ হিমবাহ, নেদাৰলেণ্ডত শুকাই আহিছে ৰাইন নদীৰ বক্ষ

নিয়মীয়া বাৰ্তা, ৮ আগষ্ট: ভয়াৱহ প্রাকৃতিক দুর্যোগৰ সন্মুখীন হ’ব সমগ্র ইউৰোপ৷ গোলকীয় উষ্ণতা বৃদ্ধিয়ে এতিয়া ইউৰোপত প্রচণ্ড তাপ প্রবাহৰ সৃষ্টি কৰিছে৷ এই তাপ প্রবাহৰ ফলত ইউৰোপৰ সঞ্জীৱনী হিচাপে চিহ্ণিত আল্পছ পর্বতমালাত থকা হিমবাহসমূহ দ্রুতগতিত গলিবলৈ ধৰিছে৷ সংবাদ সংস্থা ৰয়টাৰৰ প্রতিবেদন অনুসৰি বিগত ৬টা দশকৰ পিছত ইউৰোপীয় দেশসমূহৰ উষ্ণতা অভাৱনীয়ভাৱে বৃদ্ধি পোৱাৰ ফলত এই হিমবাহবোৰ গলিবলৈ লৈছে৷

উল্লেখনীয় যে ইউৰোপৰ বিভিন্ন চহৰত এতিয়া উষ্ণতা ৩০ ডিগ্রী চেলছিয়াছতকৈ বেছি৷ ইয়াৰ ফলত হিমবাহসমূহ গলিবলৈ লৈছে ভয়াৱহ গতিত৷ ইফালে, অনাবৃষ্টিৰ ফলত ইউৰোপৰ দেশে দেশে এতিয়া আৰম্ভ হৈছে জলসংকট৷ নেদাৰলেণ্ডত ৰাইন নদীৰ বক্ষ শুকাই আহিছে৷ জার্মান সীমান্তৱর্তী ৰাইন নদীৰ বিস্তীর্ণ অঞ্চল এতিয়া শুকাই গৈছে৷ সেইদৰে স্পেইনৰ কৃষি উপযোগী পথাৰসমূহ এতিয়া অনাবৃষ্টিৰ বাবে সংকটৰ কবলত পৰিছে৷ স্পেইনতো কেইবাখনো নদীৰ পানী শুকাই আহিছে৷ ইফালে, ৰাছিয়া–ইউক্রেইন যুদ্ধৰ ফলত ইউৰোপলৈ বন্ধ হৈ আছে খাদ্যসামগ্রীৰ সৰবৰাহ৷ এনে পৰিস্থিতিত ভয়াৱহ প্রাকৃতিক দুর্যোগৰ সন্মুখীন হ’বলৈ গৈ আছে ইউৰোপ৷

You might also like