ক’ভিড–১৯ক লৈ প্রদেশ কংগ্রেছত লবী ৰাজনীতি
নিয়মীয়া বার্তা, ২৭মেঃ প্রদেশ কংগ্রেছত এতিয়াও অব্যাহত আছে লবীকেন্দ্রিক ৰাজনীতি৷ ক’ভিড–১৯ৰ ভয়াৱহ সংক্রমণ ৰোধৰ স্বার্থত দেশজুৰি লকডাউন চলি থকাৰ সময়তো ৰাজ্যৰ কংগ্রেছ দলত শিবিৰে শিবিৰে অব্যাহত আছে অস্তিত্ব প্রমাণৰ অঘোষিত প্রতিযোগিতা৷ যাৰ বাবে একেটা দিনতেই একে বিষয়ক লৈ দুই নেতাই সংবাদ মাধ্যমক সম্বোধন কৰাৰ ঘটনা ঘটিছে৷ উল্লেখ্য যে যোৱা ২৪ মে’ত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্রজোঁটৰ চৰকাৰখনে চাৰিটা বছৰ সম্পূর্ণ কৰি পঞ্চম বছৰত ভৰি দিয়ে৷ চৰকাৰখনৰ চতুর্থ বর্ষপূর্তিৰ দিনাই কংগ্রেছ বিধায়িনী দলৰ নেতা তথা বিৰোধী দলপতি দেৱব্রত শইকীয়াই এক বিজ্ঞপ্তিযোগে সোণোৱাল চৰকাৰৰ চাৰিবছৰীয়া কার্যকালৰ ব্যর্থতা দাঙি ধৰি তীব্র সমালোচনা কৰে৷ আজি পুনৰ একেই বিষয়ক লৈ ছ’চিয়েল মিডিয়াৰ জৰিয়তে সংবাদ মাধ্যমক সম্বোধন কৰি সোণোৱাল চৰকাৰৰ সমালোচনাত সৰৱ হৈ পৰে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ আৰু প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্র অপূর্ব কুমাৰ ভট্টাচার্য৷
কংগ্রেছৰ দুয়োজন নেতাই একেই বিষয়ক লৈ সোণোৱাল চৰকাৰক আক্রমণৰ লক্ষ্য কৰি লয়৷ প্রাক্তন মুখ্যমন্ত্রী গগৈয়ে কয় যে যোৱা চাৰি বছৰত সোণোৱাল চৰকাৰে অসমবাসীক কেৱল প্রতাৰণা কৰিলে৷ চৰকাৰখন প্রৱঞ্চক চৰকাৰ হিচাপে পৰিগণিত হৈছে৷ নির্বাচনৰ সময়ত দুর্নীতিমুক্ত অসম, বিদেশীমুক্ত অসম, প্রদূষণমুক্ত অসম গঢ়াৰ যি প্রতিশ্রুতি দিছিল, বছৰি ২ লাখ নিবনুৱাক সংস্থাপন দিয়া, মূল্যবৃদ্ধি নিয়ন্ত্রণ, আত্মসহায়ক গোটক ৫ লাখ টকাকৈ প্রদান, ছাত্রীক স্কুটী দিয়াৰ যি প্রতিশ্রুতি দিছিল, এটা এটাকৈ চালে স্পষ্ট হয় যে সকলো প্রতিশ্রুতি আজি ধোঁৱাচাঙত উঠিল৷ দুর্নীতিমুক্তৰ পৰিৱর্তে কয়লা, বালি, শিল, চুপাৰি আৰু সকলোতে ছিণ্ডিকেট৷ সকলোতে কেৱল কমিছন চলিছে৷ নতুন চাকৰিৰ কথা বাদেই, লাখ লাখ যুৱক–যুৱতী আজি কর্মহীন হৈছে৷ লাখ লাখ সৰু–সুৰা বেপাৰী, ৰিক্সাৱালা, ঠেলাৱালা, কৃষক, গো–পালক, ৰোৱনী–বোৱনী আদিকে ধৰি সকলো শ্রেণীৰ মানুহে জীৱিকাৰ বাবে আজি হাহাকাৰ কৰিছে৷ জাগীৰোড আৰু কাছাৰ কাগজ কল দুটা এই চৰকাৰৰ দিনত ৰুগ্ণ হৈ গ’ল৷ নামৰূপ সাৰ কাৰখানাও সম্প্রসাৰণ নহ’ল৷
জৈৱ–বৈচিত্র্য থকা দিহিং পাটকাই, ডিব্রু–ছৈখোৱাও আমাৰ হাতৰ পৰা গুচি গ’ল৷ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰ ব্যক্তিগত খণ্ডৰ হাতলৈ গ’ল৷ ৰাজ্যৰ আঠখনকৈ তৈলক্ষেত্র ব্যক্তিগতকৰণ হ’ল৷ ইপিনে, প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্র অপূর্ব কুমাৰ ভট্টাচার্যয়ো সোণোৱাল চৰকাৰৰ ব্যর্থতা খতিয়ান দাঙি ধৰি কয় যে পূজা–পাতল, উৎসৱ–পার্বণ কৰি থকাৰ বাহিৰে যোৱা চাৰিটা বছৰত সোণোৱাল চৰকাৰে ৰাজ্যখনৰ প্রকৃত উন্নয়নৰ বাবে কোনো আঁচনি গ্রহণ নকৰিলে৷ দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা সোণোৱাল চৰকাৰৰ দিনত দুর্নীতি বৃদ্ধি পালে৷ প্রতিশ্রুতিসমূহ প্রতিশ্রুতি হৈয়ে ৰ’ল৷ প্রধানমন্ত্রীৰ কিষাণ সন্মান আঁচনিত ইমানেই দুর্নীতি সংঘটিত হ’ল যে বিজেপি বিধায়কৰ পৰিয়ালৰ সদস্য, আত্মীয়ৰ নামো হিতাধিকাৰীৰ তালিকাত সংযোজিত হ’ল৷ তেওঁ মুখ্যমন্ত্রী সোণোৱালক দিহিং–পাটকাই ধ্বংস অভিযানৰ পৰা বিৰত থকাৰ লগতে লাভজনক তৈলক্ষেত্র নিলামৰ পৰা বিৰত থকাৰ আহ্বান জনায়৷