নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জানুৱাৰীৰ চতুর্থ সপ্তাহৰ পৰা ১৮ বছৰ ঊর্ধ্বৰ লোকৰ বাবে ভাৰত বায়’টেকৰ নজেল ভেকচিন ‘ইনক’ভেক’ মুকলি কৰা হ’ব

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ   চীনত সংহাৰী ৰূপ লোৱা ক’ভিড বিএফ–৭ৰ সংক্রমণক লৈ দেশবাসী শংকিত হোৱাৰ সময়তে ভাৰত বায়’টেকে ক’ভিড ন’জেল ভেকচিন মুকলি কৰাৰ দিন ঘোষণা কৰিছে৷ ন’জেল ক’ভিড ভেকচিন মুকলি কৰাৰ সমান্তৰালকৈ এই ভেকচিনটোৰ মূল্যও নির্ধাৰণ কৰিছে ভাৰত বায়’টেকে৷ বিশ্বৰ প্রথম ন’জেল ভেকচিন বায়’টেকৰ ‘ইনক’ভেক’ ভেকচিনৰ ব্যক্তিগত হাস্পতালত কৰসহ মূল্য হ’ব ৮০০ টকা৷ আনপিনে কেন্দ্র আৰু ৰাজ্য চৰকাৰে এই ভেকচিন ৩২৫ টকাত ক্রয় কৰিব পাৰিব৷ বেজীৰে নিবিন্ধোৱাকৈ নাকেৰে প্রদান কৰা এই ভেকচিনটো ভাৰত বায়’টেকে বিকশিত কৰিছে৷ বিশ্বৰ প্রথম ন’জেল ভেকচিন হিচাপে স্বীকৃত ইনক’ভেক অহা জানুৱাৰী মাহৰ চতুর্থ সপ্তাহৰ পৰা ১৮ বছৰৰ ঊর্ধ্বৰ লোকক ব্যৱহাৰৰ বাবে মুকলি কৰা হ’ব৷ এই ন’জেল ক’ভিড ভেকচিনটো কো উইন প’র্টেলত আগতীয়াকৈ বুক কৰিব পাৰিব৷ বুষ্টাৰ ড’জ হিচাপে ব্যৱহাৰ কৰিবলগীয়া এই ন’জেল ভেকচিন ইনক’ভেক ভাৰতৰ ১৪টা স্থানত পৰীক্ষণ চলোৱা হৈছিল৷ তিনিটা পর্যায়ত ন’জেল ভেকচিনটো পৰীক্ষণৰ অন্তত এই ভেকচিনটো ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া হৈছে৷ ভাৰত বায়’টেকৰ কার্যবাহী অধ্যক্ষ ড০ কৃষ্ণা ইলাই প্রকাশ কৰা মতে মহামাৰীৰ সময়ছোৱাতে আমি ভেকচিনক লৈ লক্ষ্যত উপনীত হ’ব পাৰিছোঁ৷ ক’ভাক্সিন আৰু ইনক’ভেক দুই ধৰণৰ ক’ভিড ভেকচিন কোম্পানীটোৱে বিকশিত কৰিছে৷ দুটা পৃথক ব্যৱস্থাৰ এই ভেকচিন৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়, চিডিএছচি’, ভাৰত চৰকাৰৰ জৈৱ প্রযুক্তি বিভাগ, প্রযুক্তি বিকাশ ব’ড আৰু ছেইণ্ট লুইছৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ক তেওঁলোকৰ সমর্থন আৰু নির্দেশনাৰ বাবে ধন্যবাদ জনাইছে৷ 

You might also like