নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিজকে পৰমাণু শক্তিধৰ ৰাষ্ট্র ঘোষণা উত্তৰ কোৰিয়াৰ

 নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰ:  বিশ্বৰ নতুন পাৰমাণৱিক শক্তি হিচাপে নিজকে ঘোষণা কৰিছে উত্তৰ কোৰিয়াই৷ দেশখনৰ সংবাদ সংস্থা কেচিএনএৰ প্রতিবেদন অনুসৰি শেহতীয়াকৈ এখন আইন গৃহীত কৰি উত্তৰ কোৰিয়াই নিজকে পৰমাণু শক্তিধৰ ৰাষ্ট্র বুলি ঘোষণা কৰিছে৷ দেশখনৰ শীর্ষ নেতা কিম জং–উনে এই সিদ্ধান্ত অপৰিৱর্তনীয় বুলি উল্লেখ কৰাৰ উপৰি পৰমাণু নিৰস্ত্রিকৰণ সন্দর্ভত কোনোধৰণৰ আলোচনাৰ সম্ভাৱনা নাই বুলিও ঘোষণা কৰিছে৷ উত্তৰ কোৰিয়াৰ সুৰক্ষাৰ বাবে পৰমাণু অস্ত্র ব্যৱহাৰ কৰাৰ অধিকাৰ দেশখনৰ থাকিব বুলিও নতুন আইনত উল্লেখ কৰা হৈছে৷ স্মর্তব্য যে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ কঠোৰ নিষেধাজ্ঞা সত্ত্বেও উত্তৰ কোৰিয়াই ২০০৬ৰ পৰা ২০১৭ চনৰ ভিতৰত ৬টাকৈ পৰমাণু অস্ত্রৰ পৰীক্ষা চলাইছিল৷ নিৰাপত্তা পৰিষদৰ সকলো চর্ত উলংঘা কৰি নিজৰ সামৰিক সক্ষমতা বৃদ্ধি কৰি আহিছে কট্টৰ কমিউনিষ্ট দেশখনে৷

You might also like