নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৪ৰ নির্বাচনৰ পূর্বে বিজেপিৰ ৰণকৌশলঃ দেশৰ ৪০ সমষ্টিত প্রচাৰ চলাব মোদীয়ে

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰঃ ২০১৯ৰ লোকসভা নির্বাচনত পৰাজিত হোৱা ১৪৪ সমষ্টিত বিজেপিয়ে ৪০খন বিশাল জনসভা আয়োজনৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ২০২৪ৰ নির্বাচনৰ পূর্বে এই ৪০খন জনসভাত অংশগ্রহণ কৰিব প্রধানমন্ত্রী মোদীয়ে৷ দলীয় সূত্রই সদৰী কৰিছে এই তথ্য৷ লোকসভা প্রৱাস যোজনা ফেজ–২ৰ অধীনত বিজেপিয়ে দেশজুৰি এই ১৪৪ সমষ্টিৰ ভিতৰত ৪০খন বিশাল জনসভা আয়োজনৰ সিদ্ধান্ত লৈছে৷ এই জনসভাবোৰত প্রধানমন্ত্রী মোদীয়ে দলৰ হৈ প্রচাৰ চলোৱাটো নিশ্চিত বুলি সদৰী কৰিছে বিজেপি সূত্রই৷ ইয়াৰ উপৰি অন্য ১০৪টা সমষ্টিত বিজেপিৰ সভাপতি জে পি নাড্ডা, গৃহমন্ত্রী অমিত শ্বাহ প্রমুখ্যে নেতাসকলে প্রচাৰ চলাব৷

You might also like