নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতাৰকে জেকুলিনক দিছিল ১০ কোটিৰ উপহাৰ

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰ : বলীউডৰ অভিনেত্রী জেকুলিন ফার্নাণ্ডেজক মুম্বাই বিমানবন্দৰত আটক কৰিছে এনফ’চমেণ্ট সঞ্চালকালয় (ইডি)–এ৷ ২০০ কোটি টকাৰ এক প্রতাৰণাৰ গোচৰত জড়িত থকাৰ অভিযোগত জেকুলিন ফার্নাণ্ডেজৰ বিদেশ যাত্রাত বাধা দিলে ইডিয়ে৷ সংবাদ মাধ্যমত প্রকাশ পোৱা অনুসৰি অভিনেত্রীগৰাকী আজি ডুবাইলৈ যোৱাৰ কথা আছিল৷ কিন্তু জেকুলিনৰ বিৰুদ্ধে লুকআউট ন’টিচ জাৰি কৰিছিল ইডিয়ে৷ প্রতাৰণাত অভিযুক্ত সুকেশ চন্দ্রশেখৰৰ সৈতে সম্পর্ক আছে অভিনেত্রীগৰাকীৰ৷ ২০০ কোটি টকাৰ প্রতাৰণাৰ গোচৰত সুকেশ আৰু তেওঁৰ পত্নী লীনা পলৰ বিৰুদ্ধে চার্জশ্বিট দাখিল কৰিছে ইডিয়ে৷ যোৱা অক্টোবৰ মাহত ইডিয়ে একাধিকবাৰ জেৰা কৰিছিল জেকুলিনক৷ সুকেশৰ পৰা জেকুলিনে মুঠ ১০ কোটি টকাৰ উপহাৰ লাভ কৰিছে৷ এই উপহাৰৰ ভিতৰত আছে ৫২ লাখটকীয়া ঘোঁৰা এটা, চাৰিটা পার্ছিয়ান ছাগলী আৰু অন্যান্য অলংকাৰ তথা চীনামাটিৰ উপহাৰ৷

You might also like